অসম

assam

ETV Bharat / state

তেতেলীয়াৰ হনুমান মন্দিৰত চুৰিকাণ্ড

এতিয়া চোৰৰ সহজ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠানসমূহ। বুধবাৰে মহানগৰীৰ তেতেলীয়াৰ হনুমান মন্দিৰত সংঘটিত হয় চুৰিকাণ্ড। চোৰে তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি দানপাত্ৰৰ পৰা লুটি নিয়ে নগদ ধন । পুৱা চোৰে তহিলং কৰা মন্দিৰৰ চৌহদ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ স্থানীয় ৰাইজক খবৰ দিয়ে মন্দিৰৰ পুজাৰীয়ে।

By

Published : Jun 12, 2019, 9:35 PM IST

তেতেলীয়াৰ হনুমান মন্দিৰত চোৰ

গুৱাহাটী, 12 জুন: মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে ঘটনা। নিতৌ ন ন কৌশলৰে দুৰ্বৃত্তই সংঘটিত কৰে চুৰিকাণ্ড। চোৰে এতিয়া লক্ষ্য কৰি লৈছে ধৰ্মীয় অনুষ্ঠানসমূহ। বুধবাৰে মহানগৰীৰ তেতেলীয়াৰ হনুমান মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। চোৰে তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি দানপাত্ৰৰ পৰা লুটি নিয়ে ধন। পুৱা চোৰে তহিলং কৰা মন্দিৰ চৌহদ প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ স্থানীয় ৰাইজক খবৰ দিয়ে মন্দিৰৰ পুজাৰীয়ে। ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ গাতে লাগি থকা মন্দিৰটোত এনে চুৰিকাণ্ডৰ ঘটনাই স্বৰূপ উদঙাইছে আৰক্ষীৰ নিৰাপত্তাৰ দিশটো। ইফালে ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।

তেতেলীয়াৰ হনুমান মন্দিৰত চোৰ

লগতে পঢ়ক: দীৰ্ঘদিন ধৰি বন্ধ চৰকাৰী বিদ্যালয়, পাঠগ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

মন্দিৰ পৰিচালনা সমিতিৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি চোৰৰ সন্ধানত নামি পৰিছে। উল্লেখযোগ্য যে নিচাসক্ত দুৰ্বৃত্তই এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

ABOUT THE AUTHOR

...view details