নিউজ ডেস্ক, 19 মাৰ্চ :দেশত এতিয়া চকীদাৰ ট্ৰেণ্ড । ফেচবুক টুইটাৰত কোটি কোটি চকীদাৰ । সকলোৱে নিজৰ নামৰ আগত লিখিছে চকীদাৰ ।লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মে ভি চৌকিদাৰ' শিৰ্ষক অভিযান আৰাম্ভ কৰাৰ লগত সংগতি ৰাখি দেশৰ লাখ লাখ লোকে আঁকোৱালি ললে এই ট্ৰেণ্ড । এই টুইটৰ পিছতেই খলকনি লাগিছিল ভাৰতৰ ৰাজনিতীত ৷
চকীদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি দেশবাসীৰ - হিমন্ত বিশ্ব শৰ্মা
ফেচবুক টুইটাৰত এটা ৰাতিত সৃষ্টি হ'ল কোটি কোটি চকীদাৰ
চৌকিদাৰ নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি টুইটাৰত খলকনি দেশবাসীৰ
উল্লেখ্য যে 16 মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইট যোগে কয় যে সকলো লোক যিয়ে দুৰ্নীতি,কলঙ্ক, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুজ দি আহিছে তেওঁলোক সকলো চৌকিদাৰ ৷