নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ : অসম আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে শনিবাৰে নতুন দিল্লীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) অঞ্চলৰ ভিতৰত সক্ৰিয় ছয়টা বিদ্ৰোহী গোটৰ সৈতে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে । এই চুক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে, কিয়নো কাৰ্বি সকল অসমৰ এক অন্যতম মুখ্য জনজাতি ৷ 1980 ৰ দশকৰ শেষৰ ফালৰ পৰা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা হোৱা হত্যা, গোষ্ঠীগত সংঘৰ্ষ আৰু অপহৰণৰ কাৰ্বি আংলঙত এক দীঘলীয়া ইতিহাস আছে ।
ইতিমধ্যে, কাৰ্বি পিপলছ লিবাৰেচন টাইগাৰ (KPLT) আৰু ইউনাইটেড পিপলছ লিবাৰেচন আৰ্মী (UPLA)ৰ তিনিটা গোট - কাৰ্বি লংৰি এন চি হিলছ লিবাৰেচন ফ্ৰণ্ট (KLNLF), পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি লংৰি (PDCK) এই ছয়টা সংগঠনৰ প্ৰতিনিধিয়ে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হৈছে ৷ চুক্তিখন চূড়ান্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে সংগঠন কেইটাৰ প্ৰতিনিধি সকলে ইতিমধ্যে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে ৷