অসম

assam

ETV Bharat / state

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত - মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

ৰাজ্য চৰকাৰে ন্যূনতম সমর্থিত মূল্যত ভাৰতীয় খাদ্য নিগমকে ধৰি ৬টা সংস্থাক ধান ক্রয় কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰি দিছে ( Purchase of paddy at minimum supported price) । চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যদিও সৰহসংখ্যক সংস্থাই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হোৱা নাই এতিয়াও । পঢ়ো আহক এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন ৷

The target of purchasing 1 million metric tons of paddy in Assam is far away
অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

By

Published : Mar 13, 2022, 3:37 PM IST

গুৱাহাটী, 13 মাৰ্চ : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ন্যূনতম সমর্থিত মূল্যত ভাৰতীয় খাদ্য নিগমকে ধৰি ৬টা সংস্থাক ধান ক্রয় কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰি দিছে । কিন্তু চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যদিও দুই-এটাৰ বাদে সৰহসংখ্যক সংস্থাই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হোৱা নাই ।

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

ৰাজ্য চৰকাৰে অসমৰ কৃষকৰ পৰা এই বছৰত ১০ লাখ মেট্রিক টন ধান কুইণ্টলে প্রতি ১৯৪০ টকা দৰত ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে যদিও প্রকৃততে বিভিন্ন সংস্থাক প্রায় ৭ লাখ মেট্রিক টন ধানহে ক্ৰয় কৰাৰহে লক্ষ্য নির্ধাৰণ কৰি দিছে । নির্ধাৰিত লক্ষ্যৰ ভিতৰত এটা সপ্তাহৰ আগলৈকে সংস্থা সমূহে ১ লাখ মেট্রিক টন ধানাে ক্ৰয় কৰিব পৰা নাই । দায়িত্বপ্রাপ্ত সংস্থাসমূহে মাত্র ৬৭,৩৬৪ মেট্রিক টন ধানহে ক্ৰয় কৰিছে(FCI has not satisfactorily purchased paddy in Assam) ।

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

মন্ত্রী-বিধায়ক জড়িত কৰি মাঘ বিহুৰ সময়তে পঞ্চায়তে পঞ্চায়তে ধান ক্রয়ৰ বাবে কৃষকৰ মাজত সজাগতা অভিযান চলােৱা হৈছিল যদিও আজিপর্যন্ত চৰকাৰৰ ধান ক্রয়ৰ অভিলাষী আঁচনিৰ দ্বাৰা মাত্র ৯,৮৪৪ গৰাকী কৃষকহে উপকৃত হৈছে । ধান ক্রয়ৰ বাবে শেষ সময়সীমা ছেপ্টেম্বৰ মাহ ধার্য কৰা হৈছে যদিও জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ প্রায় দুটা মাহত বিভিন্ন সংস্থাৰ অসমত ধান ক্রয়ৰ গতি অতি লেহেমীয়া হৈ আছে ।

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

উল্লেখ্য যে, অসমৰ কৃষকৰ পৰা প্রতি কুইণ্টলে ১৯৪০ টকা দৰত ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় কৰিবলৈ মুঠ ছটা সংস্থাক দায়িত্ব দিয়া হৈছে । এই প্রতিষ্ঠানসমূহ হৈছে ক্রমে অসম অসামৰিক খাদ্য যােগান নিগম, অসম কৃষি সামগ্রী বিপণন পৰিষদ, ভাৰতীয় খাদ্য নিগম (এফ চি আই), নেশ্যনেল ফেডাৰেশ্যন ফার্মাৰ প্রকিউৰমেণ্ট প্রচেছিং এণ্ড ৰিটেইলিং কৰ্পৰেশ্যন (নাক'ফ), নেশ্যনেল এগ্রিকালচাৰেল ক’-অপাৰেটিভ মার্কেটিং ফেডাৰেশ্যন (নাফেড) আৰু নেশ্যনেল ক’-অপাৰেটিভ কনজুমাৰ্ছ ৷

ফেডাৰেশ্যন অব ইণ্ডিয়া (এন চি চি এফ)। ৰাজ্য চৰকাৰে দায়িত্ব দিয়া এই সংস্থাসমূহে নির্ধাৰিত লক্ষ্যৰ দিশত অতি লেহেম গতিত আগবাঢ়িছে। উল্লেখ যে ৰাজ্যত দুশটা ধান ক্রয় কেন্দ্র স্থাপন হ'ব লাগিছিল যদিও মাত্র ১৭৯ টা ধান ক্রয় কেন্দ্রহে স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত ভাৰতীয় খাদ্য নিগমৰ সৰ্বাধিক ৯৩টা ধান ক্রয় কেন্দ্র স্থাপন কৰা হৈছে । কেন্দ্রীয় চৰকাৰৰ অধীনস্থ এফ চি আইক সর্বাধিক ৪ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছে যদিও সংস্থাটোৱে মাত্র ৫,২৬৮ গৰাকী কৃষকৰ পৰা মাত্র ৩৫,৭৭৪ মেট্রিক টন ধানহে কৰিছে ।

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

আনহাতে, ৰাজ্য চৰকাৰৰ অধীনস্থ খাদ্য আৰু অসামৰিক যােগান নিগমক প্রায় ১.৬০ লাখ মেট্রিক টন ধান ক্ৰয় কৰাৰ দায়িত্ব দিয়া হৈছে । সংস্থাটোৱে ৩০টা ধান ক্রয় কেন্দ্রৰ যোগেদি মাত্র ৩,১৩১ গৰাকী কৃষকৰ পৰা মাত্র ২২,৬১৬ মেট্রিক টন ধানহে ক্রয় কৰিবলৈ সক্ষম হৈছে । তেনেদৰে কৃষি সামগ্রী বিপণন পৰিষদে নিৰ্ধাৰিত ৩১৫০ মেট্রিক টন ধান ক্রয়ৰ বিপৰীতে এতিয়ালৈ ১২ টা ক্রয় কেন্দ্ৰৰ যোগেদি ৪০২ গৰাকী কৃষকৰ পৰা ২,১৭৬ মেট্রিক টন ধান ক্রয় কৰিছে ।

তেনেদৰে নাক'ফে ১৫ হাজাৰ মেট্রিক টনৰ বিপৰীতে ক্ৰয় কৰিছে ১,২৫৪ মেট্রিক টন ধান। সেইদৰে নাফেড নামৰ সংস্থাটোক প্রায় এক লাখ মেট্রিক টন ধান ক্রয় কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে দিছিল যদিও এতিয়ালৈ মাত্র ৪,৯১০ হাজাৰ মেট্রিক টন ধানহে ক্ৰয় কৰিছে ।

অসমত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য বহু দূৰৈত

এন চি চি এফ নামৰ প্রতিষ্ঠানটোৱে নিৰ্ধাৰিত ১.১৫ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ বিপৰীতে অতি সামান্য পৰিমাণৰ মাত্র ৬৩৪ মেট্রিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে। কৃষকক প্রাপ্য মূল্য লাভ কৰিবলৈ ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰি দায়িত্ব দিছিল যদিও প্রায় দুটা মাহত প্রতিষ্ঠান বা সংস্থাসমূহে অতি সামান্য পৰিমাণৰ ধানহে ক্ৰয় কৰিছে। দায়িত্বপ্রাপ্ত প্রতিষ্ঠানসমূহৰ ভিতৰত হয়টো অসম কৃষি সামগ্রী বিপণন পৰিষদেহে লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। বিপণন পৰিষদে নিৰ্ধাৰিত ৩১৫০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ দায়িত্বৰ বিপৰীতে ইতিমধ্যে ২,১৭৬ মেট্ৰিক টন ধান ক্রয় কৰিছে।

উল্লেখ্য যে, অসমত বছৰি ৮০ লাখৰ পৰা ৮৫ লাখ মেট্রিকটন ধান উৎপাদন হয়। এই উৎপাদনৰ পৰা এইবাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যূনতম সমর্থিত মূল্যত ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ লক্ষ্য লৈছে যদিও বৰ্ত্তমান পৰিস্থিতিত সেই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ক্ষীণ। অৱশ্যে এই কথা স্পষ্ট হ'ব ছেপ্টেম্বৰ মাহত ।

লগতে পঢ়ক :Cyclothon 2022 : শিৱসাগৰত হেৰিটেজ চাইক্লথন সম্পন্ন

ABOUT THE AUTHOR

...view details