গুৱাহাটী, ৩০ জুন : এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে বিশেষ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ৷ এক লাখ নিযুক্তিৰ বৃহৎ লক্ষ্য পূৰণৰ বাবে কেবিনেটে গঠন কৰি দিয়া কমিটিয়ে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৷ বৰ্তমান ৰাজ্যৰ ৫৭ টা বিভাগত খালী হৈ আছে প্ৰায় ৮০ হাজাৰ পদ ৷ এই ৮০ হাজাৰ পদত নিযুক্তি দিয়াৰ উপৰি ২০ হাজাৰ পদ নতুনকৈ সৃষ্টি কৰি ৰাজ্যৰ নিবনুৱাক সংস্থাপন দিয়া হ'ব ৷
মুঠতে চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিবনুৱাক চাকৰি দিব ৷ এই সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ নিযুক্তি সন্দৰ্ভত কেবিনেটে মন্ত্ৰী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰি দিয়া বুলি সদৰী কৰে ৷ ইতিমধ্যে চৰকাৰী প্ৰতিটো বিভাগক খালী পদৰ তালিকা দিয়াৰ বাবে নিৰ্দেশ দিছে ৷