অসম

assam

ETV Bharat / state

Rise of BJP : কংগ্ৰেছী তথা আঞ্চলিক দলৰ নেতাৰ কান্ধত উঠি কেনেকৈ উত্তৰ-পূবত খোপনি ল’লে বিজেপিয়ে ?

কেনেকৈ উত্তৰ-পূবত খোপনি পুতিবলৈ সক্ষম হ’ল বিজেপি ? ২০১৬ চনৰ আগলৈকে শাসনৰ পৰা বহু খোজ দূৰত থকা বিজেপিৰ হাতত আজি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ শাসনৰ বাঘজৰী ৷ আন তিনিখন ৰাজ্যতো চৰকাৰৰ অংশীদাৰ হৈ আছে বিজেপি ৷ কেনেকৈ উত্তৰ-পূবত উত্থান ঘটিল বিজেপিৰ ? (Journey of BJP towards North East) এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

BJP victory in NE state elections
Journey of BJP towards North East

By

Published : Mar 3, 2023, 10:10 PM IST

Updated : Mar 3, 2023, 10:53 PM IST

গুৱাহাটী, ৩ মাৰ্চ : প্ৰায় এটা দশকৰ আগলৈকে উত্তৰ-পূৰ্বাঞ্চলত অস্তিত্বৰ বাবে সংগ্ৰাম কৰি থকা বিজেপিৰ এতিয়া সমগ্ৰ অঞ্চলটোত সবল ভেঁটি ৷ অসম, মণিপুৰ, অৰুণাচলত ক্ষমতাৰ বাঘজৰী বিজেপিৰ হাতত আছে ৷ ২ মাৰ্চত উত্তৰ-পূৱৰ তিনিখন ৰাজ্য মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে ৷ তিনিওখন ৰাজ্যতো বিজেপি ক্ষমতাৰ অংশীদাৰ হৈ থকাটো নিশ্চিত হৈছে ৷ ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পূৰ্ণাংগ ক্ষমতাৰে চৰকাৰ গঠন কৰিব ৷ বিপৰীতে নাগালেণ্ড আৰু মেঘালয়তো চৰকাৰৰ অংশীদাৰ হৈ আগন্তুক ৫ টা বছৰ ক্ষমতাৰ সোৱাদ ল’ব ভাৰতীয় জনতা পাৰ্টীয়ে (Journey of BJP towards North East) ৷

চুবুৰীয়া ৰাজ্য মেঘালয়ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠিত এন পি পিৰে বিজেপিৰ মিত্ৰতা বিচ্ছেদ হৈছিল যদিও ফলাফলৰ পাচত আকৌ মিত্ৰজোঁটৰ চৰকাৰত বিজেপি অংশীদাৰ হোৱাটো নিশ্চিত হৈছে ৷ আনহাতে, নাগালেণ্ডত নিৰ্বাচনৰ পূৰ্বৰে পৰা এন ডি পি পিৰ সৈতে মিত্ৰজোঁটত আছে বিজেপি ৷ নাগালেণ্ড আৰু মেঘালয়ত আশাপ্ৰদ ফলাফল লাভ নকৰিলেও সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হ’ল বিজেপি (BJP victory in NE state elections) ৷

কিন্তু কেনেকৈ উত্তৰ-পূবত বিজেপি জনপ্ৰিয় হৈ ক্ষমতালৈ আহিল, সেয়া এক বিশ্লেষণ কৰিবলগীয়া বিষয় ৷ অসমেৰে প্ৰৱেশ কৰি সমগ্ৰ উত্তৰ-পূবত বিজেপিয়ে কিদৰে নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ল ? ২০১৪ চনত উত্তৰ-পূব জয়ৰ বিজেপিৰ প্ৰাৰম্ভিক যাত্ৰা আৰম্ভ হৈছিল ৷ ২০১৬ ত আৰম্ভ হৈছিল মূল যাত্ৰা ৷ আঞ্চলিক দলৰ নেতা আৰু কংগ্ৰেছীৰ হাতত ধৰিয়েই উত্তৰ-পূৱত নিজক শক্তিশালী কৰি তুলিলে বিজেপিয়ে (Rise of BJP in NE India) ৷

লগতে পঢ়ক:PM Modi thanked people of NE: দিল্লী আৰু দিল কোনোটোৰ পৰাই দূৰত নহয় পূৰ্বোত্তৰ; প্ৰধানমন্ত্ৰী

২০১২ চনত অসম গণ পৰিষদৰ পৰা আহি ৰাজ্যিক বিজেপিৰ সভাপতি পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ২০১৪ ত লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত ৯ খন আসনেৰে জয়যাত্ৰা আৰম্ভ কৰে ৷ ২০১৬ ত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এদল কংগ্ৰেছীয়ে ভৰাই তুলিলে অসম বিজেপিৰ বৰঘৰ ৷ আৰম্ভ হ’ল উত্তৰ-পূবত বিজেপিৰ অন্য এক যাত্ৰা (Loksabha election 2014) ।

২০১৬ চনত ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে অসমৰ ক্ষমতালৈ আহে ৷ তাৰ পাচৰে পৰা উত্তৰ-পূবৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’বলৈ আৰম্ভ কৰে ৷ সেই একেটা বছৰতে বিজেপিৰ প্ৰৱেশ ঘটে অৰুণাচল প্ৰদেশত ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কংগ্ৰেছ এৰি যোগদান কৰে বিজেপিত ৷

২০১৭ চনত বিজেপিয়ে মণিপুৰত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ মুখ্যমন্ত্ৰী হয় প্ৰাক্তন কংগ্ৰেছী এন বীৰেন সিং ৷ ২০১৮ চনত ত্ৰিপুৰাত বাঁও দলৰ ২৫ বছৰীয়া শাসনৰ অন্ত পৰে ৷ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত শাসনলৈ আহি ত্ৰিপুৰাত অভিলেখ ৰচে বিজেপিয়ে ৷ সেই একেটা বছৰতেই নাগালেণ্ড আৰু মণিপুৰতো কনিষ্ঠ অংশীদাৰ হিচাপে ক্ষমতাৰ অংশীদাৰ হয় বিজেপি (BJP govt in Assam) ৷

২০১৯ চনত অৰুণাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসনৰ ভিতৰত ৪১ খন আসনতেই জয়লাভ কৰি চৰকাৰ গঠন কৰে ৷ ২০২১ ত অসমত বিজয়ী হৈ বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰে ৷ ২০২২ ত মণিপুৰত আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰে ৷ বিপৰীতে ছিকিম আৰু মিজোৰামত এতিয়াও আছে আঞ্চলিক দলৰ শাসন ৷

বিজেপিৰ আদৰ্শ নেতা অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকা সময়ৰে পৰা উত্তৰ-পূবৰ বাবে সুকীয়া এক বিভাগ খুলি উত্তৰ-পূববাসীৰ মাজত সোমাবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা কৰি আহিছিল ৷ বিজপেয়ীৰ উত্তৰ-পূব অভিযানৰ প্ৰমোদ মহাজন আছিল মূল সেনাপতি ৷ কিন্তু ২০১৪/১৬ চন পৰ্যন্ত সম্ভৱ হোৱা নাছিল উত্তৰ-পূবত জয়যাত্ৰা ৷

লগতে পঢ়ক:Three state election results: নাগালেণ্ড ত্ৰিপুৰাত পুনৰ গেৰুৱা চৰকাৰ; মচনদত বহিবলৈ মিত্ৰ শক্তিৰ প্ৰয়োজন চাংমাক

২০১৪ ৰ লোকসভা নিৰ্বাচনৰ পাচত কংগ্ৰেছ এৰি প্ৰথম হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে ৷ তাৰ পাচৰে পৰাই এজন এজনকৈ কংগ্ৰেছ নেতাই শিবিৰ সলাই বিজেপিত যোগদান কৰিবলৈ ধৰে ৷ প্ৰাক্তন কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ৷ ঠিক সেইদৰেই প্ৰাক্তন কংগ্ৰেছী পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এন বীৰেন সিং মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত আছে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মা উত্তৰ-পূবৰ বিজেপিৰ ছত্ৰবাহী সংগঠন নেডাৰো সমন্বয়কৰ দায়িত্বত আছে ৷ অৰ্থাৎ প্ৰাক্তন কংগ্ৰেছীয়েই উত্তৰ-পূবৰ বিজেপিৰ মূল হোতা ৷ প্ৰাক্তন কংগ্ৰেছী আৰু সৰ্বানন্দ সোণোৱালৰ দৰে আঞ্চলিক দলৰ নেতাৰ কান্ধত উঠিয়েই উত্তৰ-পূবত ক্ষমতা হাতত লৈ আছে নাইবা অংশীদাৰ হৈ আছে বিজেপি ৷ সেয়া ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ পিচতে পুনৰ এবাৰ স্পষ্ট হৈ পৰিছে ৷

Last Updated : Mar 3, 2023, 10:53 PM IST

ABOUT THE AUTHOR

...view details