গুৱাহাটী, ২৫ জানুৱাৰী:ৰাজ্যৰ দুটাকৈ কাগজ কলক পুনৰুজ্জীৱিত কৰিব নোৱাৰা ৰাজ্য চৰকাৰখনে এতিয়ালৈকে নিজৰ প্ৰতিশ্ৰুতিও ৰক্ষা কৰিব পৰা নাই । নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে বিশেষ পেকেজ ঘোষণাৰে চমক দিয়া ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে যোৱা তিনি মাহ ধৰি খবৰ লোৱা নাই ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীসকলৰ (Relief package to paper mill employees) । দুমাহৰ ভিতৰত কৰ্মচাৰীসকলক পেকেজৰ ধন সম্পূৰ্ণৰূপে মুকলি কৰি দিয়াৰ বাবে চুক্তি কৰাৰ পিচতো লক্ষণীয়ভাৱে যোৱা সময়ছোৱাত চৰকাৰখনে এইক্ষেত্ৰত গ্ৰহণ নকৰিলে কোনো কার্যকৰী পদক্ষেপ । শাসকীয় চৰকাৰখনৰ এনে ভেঁকোভাওনাক লৈয়ে সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকল ।
উল্লেখ যে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ গাদীত অধিষ্ঠিত হৈছিল বিজেপি । কিন্তু শাসনভাৰ গ্ৰহণৰ পিচত বিজেপি চৰকাৰে ৰাজহুৱা প্ৰতিষ্ঠান দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । ইয়াৰ পৰিণতিত দুয়োটা কাগজ কল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীসকলৰ অনুনয়-বিনুনয় তথা আন্দোলনকো নেওচি হিন্দুস্তান কাগজ নিগম লিমিটেড (এইচ পি চি এল)ৰ লিকুইডেটৰে শেহতীয়াকৈ কাগজ কল দুটাৰ ভূমি-সম্পত্তি নিলামৰ বাবে জাননী প্ৰকাশ কৰিছে । ইয়াক লৈ প্ৰৱল প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ২৮ ছেপ্টেম্বৰৰ নিশা চমক সৃষ্টিৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কাগজ কলৰ কর্মচাৰীৰে চুক্তি সম্পন্ন কৰি বিশেষ পেকেজ ঘোষণা কৰে ।
মুখ্যমন্ত্ৰীয়ে ৫৭০ কোটি টকাৰ পেকেজ ঘোষণা কৰি কৈছিল যে দুমাহৰ ভিতৰত কাগজ কল দুটাৰ কর্মচাৰীসকলক পেকেজৰ ধন মুকলি কৰি দিয়া হ'ব । তদুপৰি ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ এশগৰাকী স্থায়ী কর্মচাৰীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব বুলিও ঘাোষণা কৰা হৈছিল । কর্মচাৰীসকলৰ সৈতে চাৰি ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে এনে বিশেষ পেকেজৰ কথা ঘোষণা কৰি কৰ্মচাৰীসকলক বকেয়া দৰমহা আদায় দিয়াৰ বাবেও প্ৰতিশ্ৰুতি দিছিল ।