অসম

assam

Paddy production declining in Assam: অভিলাষী কৃষি আঁচনিয়েও বৃদ্ধি কৰিব পৰা নাই ৰাজ্যত ধানৰ উৎপাদন

By

Published : Feb 19, 2023, 2:16 PM IST

২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ধানৰ উৎপাদনত প্রায় ১০ লাখ টনৰ ব্যৱধান । এটা বছৰত ১০ লাখ টন ধানৰ উৎপাদন হ্ৰাস পোৱাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে এক গভীৰ উদ্বেগৰ বিষয় (Production of paddy declining) । জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰাজ্যৰ কৃষিখণ্ডত পৰাৰ ফলত ধানৰ উৎপাদন হ্ৰাস পোৱাৰ উপৰি আন কেইবাটাও কাৰণত হ্ৰাস পাইছে ৰাজ্যত ধানৰ উৎপাদন ।

Production of paddy declining
ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

গুৱাহাটী, 19 ফেব্ৰুৱাৰী :কৃষিপ্ৰধান ৰাজ্য অসমত ক্ৰমাগতভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন (Production of paddy declining) । জলবায়ু পৰিৱৰ্তনৰ ফলত বিগত বাৰিষা কালত হোৱা অপর্যাপ্ত বৰষুণ আৰু তাৰ বাবে হোৱা ভয়ংকৰ বানৰ ফলত চলিত বৰ্ষত ধানৰ উৎপাদন বিগত কেইটামান বছৰতকৈ বহুখিনি হ্রাস পাইছে (flood effected agri activity in Assam) । বিগত ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ধানৰ উৎপাদন প্রায় ১০ লাখ টন হ্রাস পায় । এটা বছৰৰ ব্যৱধানতেই ১০ লাখ টন ধানৰ উৎপাদন হ্রাস পোৱাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে উদ্বেগৰ বিষয় ।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

লক্ষ্যনীয় বিষয় যে, ২০২০-২১ বৰ্ষত ৰাজ্যখনত মুঠ ৮১,২১,০১১ টন ধান উৎপাদন হৈছিল । সেইদৰে ২০১৯-২০ বৰ্ষত উৎপাদন হৈছিল ৮১,২১,৪৩৪ টন ধান । অর্থাৎ ২০২০-২১ বৰ্ষৰ তুলনাত ২০১৯-২০ বৰ্ষত ধানৰ উৎপাদন সামান্য হ্রাস পাইছিল । ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ধানৰ উৎপাদনৰ মাজত বিশেষ পাৰ্থক্য নাছিল । কিন্তু ২০২১-২২ বৰ্ষত ধানৰ উৎপাদনৰ যথেষ্ট তাৰতম্য ঘটে । দুটা বছৰত গড় হিচাপত ধানৰ উৎপাদন প্ৰায় ৮১ লাখ টন হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষত প্রায় ৮২ লাখ টন ধান উৎপাদন হ’ব বুলি কৃষি বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

কিন্তু লক্ষ্যৰ বিপৰীতে পূৰ্বৰ দুটা বছৰৰ তুলনাত ২০২১-২২ বৰ্ষত ধানৰ উৎপাদন ১০ লাখ টন হ্রাস পায় । উল্লেখ্য যে, বিগত সময়ত কেইবাখনো জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত বহু হেক্টৰ ভূমিৰ কঠীয়া আগতীয়াকৈ নষ্ট হৈছিল । যাৰ ফলত কৃষি বিভাগে সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰিছিল । কিন্তু সমূহীয়া কঠীয়াতলীৰ কঠীয়া ৰুব পৰা হোৱালৈ কাৰ্যতঃ কঠীয়া ৰোৱাৰ সময় অতিবাহিত হৈছিল । ইফালে বহু পথাৰ বালিয়ে পুতি পেলোৱাৰ বাবে চৰকাৰে কঠীয়াৰ ব্যৱস্থা কৰাৰ পাচতো কৃষকে খেতি কৰিবলৈ অসমৰ্থ হৈছিল ।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

যাৰ পৰিপ্ৰেক্ষিতত ধান উৎপাদনত ৰাজ্যখনত নেতিবাচক প্ৰভাৱ পৰে আৰু প্ৰায় ১০ লাখ টন ধানৰ উৎপাদন হ্রাস পায় । তথ্য মতে নগাঁও, গোলাঘাট, বৰপেটা, ধুবুৰী, নলবাৰী, ওদালগুৰি, দৰং আদি জিলাত প্ৰতিটো বছৰে পৰ্যাপ্ত পৰিমাণৰ ধান উৎপাদন হৈ আহিছে । ২০২০-২১ বৰ্ষত সর্বাধিক ধান উৎপাদন হৈছিল নগাঁও জিলাত । সেইবাৰ জিলাখনত উৎপাদন হৈছিল ৪,২২,৩৯৮ টন ধান । সেইদৰে বৰপেটাত ৪,১৯,২৮১ টন, কামৰূপত ৪,১৩,৩৯০ টন, গোলাঘাটত ৩,৯১,২৫২ টন ধান উৎপাদন হৈছিল ।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

আন কেইখনমান জিলাৰ ভিতৰত ধুবুৰীত ৩,৪২,২৬৬ টন, লখিমপুৰত ৩,২৬,৮২৪ টন, দৰঙত ৩,০০৬০২ টন, নলবাৰীত ৩,২২৩৩৫ টন, ওদালগুৰিত ৩,৩১,৫৩৩ টন ধান উৎপাদন হৈছিল । কিন্তু ২০২১-২২ বৰ্ষত প্ৰতিকূল বতৰৰ বাবে এইসমূহ জিলাত পূৰ্বৰ বছৰ সমূহৰ তুলনাত ধানৰ উৎপাদন কিছু পৰিমাণে হ্রাস পায় ।

লক্ষ্যনীয় বিষয় যে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰাজ্যৰ কৃষিখণ্ডত পৰাৰ ফলত ধানৰ উৎপাদন হ্ৰাস পোৱাৰ উপৰি আন কেইবাটাও কাৰণত ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস পাইছে । বহিঃৰাজ্যৰ চাউলেৰে ৰাজ্যৰ বজাৰ ভৰি পৰাৰ পৰিপ্ৰেক্ষিততো অসমত ধান উৎপাদনৰ প্ৰতি স্থানীয় কৃষকৰ আগ্রহ দিনে দিনে হ্রাস পাইছে (Challenges facing Assam farmers)।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

সমান্তৰালকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীৰ মাজত চাউল যোগান ধৰি অহাৰ পৰিপ্ৰেক্ষিতত ধান খেতিৰ প্ৰতি একাংশ কৃষকৰ উৎসাহ স্বাভাৱিকতে হ্রাস পাইছে । কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি অহাৰ পাচতো ধান খেতিৰ প্ৰতি কৃষকৰ আগ্রহ বৃদ্ধি কৰাত সফল হোৱা নাই । ইফালে ধানৰ পৰিৱৰ্তে এতিয়া আন ধৰণৰ কৃষি কৰ্মৰ প্ৰতিহে ৰাজ্যৰ কৃষকৰ আগ্রহ বৃদ্ধি পাইছে ।

ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন

উল্লেখ্য যে, ২০১৪ চনত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ শাসনলৈ অহাৰ পৰাই কৃষিভিত্তিক সামগ্ৰীৰ উৎপাদন দুগুণ কৰাৰ বাবে বিশেষ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও নতুন নতুন কৃষিভিত্তিক আঁচনি গ্ৰহণ কৰি আহিছে । কিন্তু তাৰ পাচতো অসমত ধান তথা চাউলৰ উৎপাদন আশা কৰা ধৰণে বৃদ্ধি হোৱা নাই । আন ধৰণৰ খেতিসমূহত পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে যদিও ধান খেতিৰ পৰিসৰ সীমিত হৈয়ে আছে ।

লগতে পঢ়ক :Initiative for women empowerment: ঘৰুৱা হিংসাৰ ভুক্তভোগী মহিলাক সবলীকৰণৰ বাট দেখুৱাইছে নৰ্থ ইষ্ট নেটৱৰ্কে

ABOUT THE AUTHOR

...view details