অসম

assam

ETV Bharat / state

Kejriwal in Guwahati: মুখ্যমন্ত্রীৰ পত্নীয়ে প্ৰাইভেট স্কুল চলালে দৰিদ্ৰ লোকে শিক্ষা লাভ কৰিব নোৱাৰে; কেজৰিৱাল - AAP meeting in Guwahati

অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ব্যক্তিগত বিদ্যালয়কলৈয়ো সৰৱ হ’ল কেজৰিৱাল ৷ অসমত আপৰ চৰকাৰ হ’লে শিক্ষা ব্যৱস্থা উন্নত কৰা হ’ব বুলি মন্তব্য কেজৰিৱালৰ (Arvind Kejriwal in Assam) ৷

Kejriwal in Guwahati
মুখ্যমন্ত্রীৰ পত্নীয়ে প্ৰাইভেট স্কুল চলালে দৰিদ্ৰ লোকে শিক্ষা লাভ কৰিব নোৱাৰে : কেজৰিৱাল

By

Published : Apr 2, 2023, 8:45 PM IST

গুৱাহাটী, ২ এপ্ৰিল: ‘‘যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় চলাই, সেই ৰাজ্যৰ দুখীয়া লোকৰ সন্তানে শিক্ষা নাপায় ৷ সেই ৰাজ্যৰ চৰকাৰী বিদ্যালয় কেতিয়াও ভাল হ’ব নোৱাৰে ৷’’ এই মন্তব্য আম আদমী পাৰ্টী চমুকৈ আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Delhi CM Arvind Kejriwal) ৷

দেওবাৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰৰ বিশাল জনসভা সম্বোধন কৰি কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিবাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ শেষৰ ফালে চৰকাৰী শিক্ষাখণ্ডৰ প্ৰসংগক লৈ কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত দীঘলীয়া টুইটযুদ্ধ চলিছিল ৷ শনিবাৰে গুৱাহাটীত ৰাজহুৱা সভা সম্বোধন কৰি কেজৰিৱালে চৰকাৰী শিক্ষাখণ্ডৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে (Kejriwal slammed Himanta) ৷

বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই আমিন গাঁৱত স্থাপন কৰা অতি ব্যয়বহুল ‘বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল’ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেজৰিৱালে ৷ সভাত কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়ে ৷ তেওঁ কয় যে, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰাইভেট স্কুল চলাই সেইখন ৰাজ্যত দৰিদ্ৰ লোকে শিক্ষা লাভ কৰিব নোৱাৰে ৷ সেই ৰাজ্যৰ চৰকাৰী বিদ্যালয় কেতিয়াও ভাল হ’ব নোৱাৰে (Kejriwal on Assam education system) ।

তেওঁ লগতে কয়, ‘‘দিল্লী আৰু পঞ্জাৱতো পূৰ্বতে এনে পৰিস্থিতি আছিল ৷ যিমান নেতা আছিল সকলোৰে ডাঙৰ ডাঙৰ ব্যক্তিগত বিদ্যালয় আছিল ৷ লাখ লাখ টকাৰ মাছুল আদায় দিব লগীয়া হয় ৷ জানি শুনি নেতাসকলে চৰকাৰী বিদ্যালয় ধ্বংস কৰিছিল, যাতে সকলো লোকেই নিজৰ সন্তানক ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ পঠাবলৈ বাধ্য হয় ৷ প্ৰতি বছৰেই ব্যক্তগতখণ্ডৰ বিদ্যালয়ৰ মাছুল বৃদ্ধি পায় ৷’’

কেজৰিৱালে আৰু কয় যে, আপৰ চৰকাৰ অহাৰ পাচত পৰিৱৰ্তন অনা হয় ৷ দিল্লীত আপৰ কোনো বিধায়ক তথা নেতাৰ ব্যক্তিগত বিদ্যালয় নাই ৷ তেওঁ কয় যে, আমাৰ চৰকাৰে দিল্লীৰ সকলো চৰকাৰী বিদ্যালয় অত্যাধুনিক কৰি তুলিলে ৷ তেওঁ অসমৰ ৰাইজক দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰাৰ বাবে আমন্ত্ৰণ জনায় ৷

তেওঁ লগতে কয় যে, বিগত বৰ্ষত দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৯.৭ শতাংশ ৷ বৰ্তমান দিল্লীত ব্যক্তিগতৰ পৰা চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত বৈছে । অসমতো এনে পৰিৱেশ হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ঝাড়ুৰ চিহ্নত ভোট দিলে আপোনাৰ শিশুৰ ভৱিষ্যত উজ্বল হৈ পৰিব (AAP meeting in Guwahati) ৷

ইফালে অসমত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভতো মন্তব্য কৰে কেজৰিৱালে ৷ তেওঁ কয় যে, যিখন চৰকাৰে প্ৰশ্নকাকত চম্ভালিব নোৱাৰে সেইখন চৰকাৰে কেনেদৰে ৰাজ্য চলাব ৷ বিগত আঠ বছৰে দিল্লীত প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সদৰী কৰি তেওঁ প্ৰশ্ন কৰি কয় যে, ইয়াত কিয় ফাদিল হয় ৷ কাৰণ নিশ্চয় কোনোবা ভিতৰত থাকি প্ৰশ্নকাকত বিক্ৰী কৰি আছে ৷ ইয়াৰ বাবে কোনোৱে শাস্তি নাপালে, কাৰণ সকলো মিলি আছে ৷

প্ৰশ্নকাকত বিক্ৰী কৰি শিক্ষাৰ্থীসকলৰ ভৱিষ্যত বিক্ৰী কৰি আছে বুলি তেওঁ মন্তব্য কৰে ৷ তেওঁ লগতে কয়, ‘‘দিল্লী আৰু পঞ্জাৱত প্ৰশ্নকাকত ফাদিল নহয়, কাৰণ তাত ইমানদাৰ চৰকাৰ আছে ৷ দিল্লীত বিগত ৮ বছৰত ১২ লাখ সংস্থাপন দিয়া হৈছে ৷ আমি ২৪ ঘণ্টাই ৰাইজৰ কথা চিন্তা কৰো ৷ এবছৰত পঞ্জাৱত ২৮ হাজাৰ চৰকাৰী চাকৰি দিয়া হৈছে ৷ অসমত আম আদমী পাৰ্টীৰ চৰকাৰ আহিলে প্ৰতিগৰাকী যুৱক-যুৱতীক সংস্থ‍াপন দিয়া হ’ব ৷ হিমন্ত বিশ্ব শৰ্মাই যিটো গতিত চাকৰি দি আহিছে সেইটো গতিত সকলোকে চাকৰি দিবলৈ কমেও এশ বছৰ লাগিব ৷’’

লগতে পঢ়ক:Kejriwal in Guwahati: হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details