অসম

assam

Bihar train accident: বিশেষ ৰে’লৰে গুৱাহাটীলৈ অনা হৈছে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীক

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:05 PM IST

দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীৰ বাবে বিশেষ ৰে’ল ৷ মাজনিশা প্ৰায় ১ বজাত উপস্থিত হ’ব গুৱাহাটীত ৷ যাত্ৰীসকলক তেওঁলোকে নামিব বিচৰা‌ সকলো ষ্টেচনতে ৰে’লখন ৰখোৱাৰ‌ ব্যৱস্থা কৰা‌ হৈছে । হেল্পলাইন নম্বৰ মুকলি ৷

Etv Bharat
Etv Bharat

গুৱাহাটী, ১২ অক্টোবৰ:বিহাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা দিল্লীৰ পৰা অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছৰ যাত্ৰীসকলক বৃহস্পতিবাৰে পুৱা ৰে’ল বিভাগে এখন বিশেষ ৰে’লৰে অনাৰ ব্যৱস্থা কৰা হৈছে । এই কথা জনাইছে উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই । বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত দানাপুৰৰ পৰা এই বিশেষ ৰে’লখনে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছৰ যাত্ৰীসকলক গুৱাহাটীলৈ আনি আছে ।

উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে, বিশেষ ৰে’লখনত ১০০৬ গৰাকী যাত্ৰী‌ আছে । মাজনিশা প্ৰায় ১ বজাত ৰে’লখনে কামাখ্যা ৰে’ল‌ ষ্টেচন আহি পোৱাৰ কথা সদৰী কৰিছে জনসম্পৰ্কৰক্ষী বিষয়াই । জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে দুৰ্ঘটনাটোত চাৰিগৰাকী যাত্ৰী নিহত হৈছে আৰু ৪২ গৰাকী আহত হৈছে ।‌ ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক ।

ৰে’ল বিভাগৰ শেহতীয়া তথ্য মতে নিহত তিনিগৰাকী হ'ল ক্ৰমে কিষাণগঞ্জৰ আবু জাহিদ(২৭), অসমৰ ঊষা ভাণ্ডাৰী (৩৩), আকৃতি ভাণ্ডাৰী (৮) আৰু আন এজন নৰেন্দ্ৰ বুলি জানিব পৰা হৈছে ।‌ ইয়াৰে ঊষা ভাণ্ডাৰী (৩৩) আৰু আকৃতি ভাণ্ডৰী মাতৃ-কন্যা । ইপিনে পাটনা এইমছত ভৰ্তি হৈ থকা গভা যাদৱ(২৪), পাটনাৰ ছাদপুৰ হাস্পতালত ভৰ্তি হৈ থকা পশ্চিমবংগৰ ছালমান আলী(২৮) আৰু মণিপুৰৰ শ্ৰীভিৰহাম সিং(৩৫)ৰ অৱস্থা সংকটজনক ।

আনহাতে দুৰ্ঘটনাত আহত আন ৩৯ গৰাকী যাত্ৰী পাটনাৰ‌ এইমছৰ লগতে বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে । উত্তৰ‌-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা‌ মতে, বিশেষ ৰে’লখনত অহা যাত্ৰীসকলক তেওঁলোকে নামিব বিচৰা‌ সকলো ষ্টেচনতে ৰে’লখন ৰখোৱাৰ‌ ব্যৱস্থা কৰা‌ হৈছে । ৰে’ল‌ বিভাগৰ পৰা‌ ঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আৰু‌ খোৱাৰ ব্যৱস্থা কৰি দিয়া‌ হৈছে ।‌ কামাখ্যা ষ্টেচনতো যাত্ৰীসকলৰ‌ বাবে বাছৰ‌ ব্যৱস্থা কৰা‌ হৈছে ।‌ খাদ্য মজুত ৰখা হৈছে ।

ইয়াৰ উপৰি ৰে‘ল বিভাগৰ তৰফৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ৷৯৭৭১৪৪৯৯৭, ৭৭৫৯০৭০০০৪, ৮৩০৬১৮২৫৪২ আৰু ৮৯০৫৬৯৭৪৯৩ নম্বৰত ফোন কৰি তথ্য লাভ কৰিব পাৰিব ৷

লগতে পঢ়ক:Bihar Train Accident: অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত, নিহত-৪, আহত অৰ্ধ শতাধিক

ABOUT THE AUTHOR

...view details