গুৱাহাটী, 2 নৱেম্বৰ : অসমত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যা(Suicide)ৰ ঘটনা । ক’ভিড(Covid) সৃষ্ট পৰিস্থিতিয়ে জুৰুলা কৰা ৰাজ্যখনত 2019 বৰ্ষৰ তুলনাত 2020 বৰ্ষত আত্মহননৰ ঘটনা 36.8 শতাংশলৈ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে । 2020 বৰ্ষত ৰাজ্যত 3,243 টা আত্মহননৰ ঘটনা সংঘটিত হৈছিল ।
ৰাজ্যখনত আত্মহননৰ পথ বাছি লোৱা লোকসকলৰ বেছিভাগেই সমাজৰ অর্থনৈতিকভাৱে পিছপৰা আৰু দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা লোক । ক’ভিড অতিমাৰী ৰোধৰ নামত মাহৰ পাচত মাহ ধৰি ঘোষণা কৰা লক ডাউন(Lockdown)ৰ ফলত সৰ্বসাধাৰণ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল । সংস্থাপনহীন হৈ পৰিছিল লক্ষাধিক লোক ।
সকলো ক্ষেত্ৰতে ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পৰিছিল যদিও সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে জীয়াই থকাতোৱেই কঠিন হৈ পৰিছিল । ইফালে নিত্য ব্যৱহার্য সামগ্ৰীকে ধৰি সকলো বয়-বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধি(Price Hike)য়ে সৃষ্টি কৰিছে এক ভয়াৱহ পৰিস্থিতিৰ । উল্লেখ্য যে, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(National Crime Records Bureau) চমুকৈ এন চি আৰ বিয়ে আত্মহত্যাৰ ঘটনাক লৈ শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত অসম সম্পৰ্কত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ।
এন চি আৰ বিৰ তথ্য মতে, 2020 চনত ৰাজ্যখনত সৰ্বমুঠ 3,243 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । 2019 চনত ৰাজ্যখনত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল 2,370 টা ৷ ক’ভিড মহামাৰী আৰু লক ডাউনৰ কবলত পৰি 2020 চনত অসমত আত্মহত্যাৰ ঘটনা 36.8 শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে দেশত এনে ঘটনা বৃদ্ধিৰ ৰাষ্ট্ৰীয় হাৰ আছিল 10 শতাংশ ।
উল্লেখ্য যে, 2020 চনত আত্মহত্যাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অসমত 2018 চনৰ তুলনাত 2019 চনত আত্মহত্যাৰ ঘটনা 0.4 শতাংশ হ্ৰাস পাইছিল । কিন্তু 2020 চনত এই হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ এন চি আৰ বিৰ তথ্য অনুসৰি, ৰাজ্যখনত বিগত বছৰটোত সংঘটিত আত্মহত্যাৰ ঘটনাৰ অন্যতম কাৰণ হৈছে পাৰিবাৰিক সমস্যা ।
এবছৰত ৰাজ্যত আত্মহননৰ ঘটনাৰ সবিশেষ পাৰিবাৰিক সমস্যাৰ বাবে 1,386 গৰাকী লোক অৰ্থাৎ 42.7 শতাংশ লোকে আত্মহননৰ পথ বাচি লয় । ইয়াৰ বিপৰীতে 358 গৰাকীয়ে বিবাহ সম্পর্কীয় কাৰণ, 434 গৰাকীয়ে প্ৰেমজনিত কাৰণ, 240 গৰাকীয়ে দৰিদ্ৰতা, 234 গৰাকীয়ে উপার্জনহীনতা, 190 গৰাকীয়ে ৰোগজনিত কাৰণত আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলৈ বাধ্য হয় ৷
বিগত বছৰটোত আত্মহত্যা কৰাসকলৰ সৰ্বাধিক সংখ্যকেই আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক আছিল । এন চি আৰ বিয়ে প্ৰকাশ কৰা মতে, আত্মহত্যা কৰাসকলৰ ভিতৰত 2011 গৰাকীৰ বাৰ্ষিক আয় 1 লাখ টকাতকৈ কম আছিল । বছৰি 1 লাখ টকাৰ বেছি আৰু 5 লাখ টকাৰ কম উপার্জন কৰা 998 গৰাকীয়ে, 5 লাখতকৈ বেছি আৰু 10 লাখ টকাতকৈ কম উপার্জন কৰা 234 গৰাকীয়ে আত্মহত্যা কৰিছিল ।
আত্মহত্যা কৰাসকলৰ ভিতৰত বছৰি 10 লাখ টকাৰ বেছি উপার্জন কৰা কোনো লোক নাছিল । উক্ত প্ৰতিবেদনত আত্মহত্যাকাৰীৰ পেছাভিত্তিক তথ্যৰ বিশ্লেষণ কৰি উল্লেখ কৰা তথ্য মতে, 2020 চনত সৰ্বাধিক 974 গৰাকী নিবনুৱা আৰু 789 গৰাকী দিন হাজিৰা কৰা লোকে আত্মহননৰ দৰে চৰম পথ বাছি লৈছিল । 2019 চনত আত্মহত্যাকাৰীৰ তথ্যৰ তালিকাত আছিল 279 গৰাকী দিন হাজিৰা কৰা লোক ।
বিগত বছৰত 405 গৰাকী গৃহিণী, 356 গৰাকী বেতনভোগী লোক, 245 গৰাকী ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, 104 গৰাকী ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী, 390 গৰাকী শিক্ষার্থী, 163 গৰাকী স্ব-নিয়োজিত লোক, 117 গৰাকী কৃষিখণ্ডৰে জড়িত লোক আৰু 12 গৰাকী কৃষকে আত্মহত্যা কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ।
বৰ্তমানেও অব্যাহত আছে বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ ভয়াৱহ পৰিস্থিতি । ক’ভিড পৰিস্থিতেয়ে সৃষ্টি কৰা হতাশা-নিৰাশাই গ্ৰাস কৰিছে বিভিন্ন বয়সৰ লোকক ৷ একাকীকত্ব আৰু নিসংগতাই আৱৰি ধৰিছে বহুজনক ৷ সেইবাবে যুঁজি যুঁজি জীয়াই থকাতকৈ জীৱনৰ ওচৰত পৰাজয় স্বীকাৰ কৰি মৃত্যুক আঁকোৱালি লৈছে বহুজনে ৷ সম্প্ৰতি অসমত আত্মহত্যাৰ ঘটনাই একপ্ৰকাৰ গুৰুতৰ সামাজিক ব্যাধিৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : গুৱাহাটী-চিৰাঙৰ পৰা আটক দুজনকৈ ব্যক্তি