গুৱাহাটী,৩ ডিচেম্বৰ:অসমীয়া সংগীত জগতৰ ৯০ দশকৰ থ্ৰ’ৱ তথা বিস্ময়ক সংগীত শৈলীৰে শ্ৰোতা-দৰ্শকক মুগ্ধ কৰি ৰখা জনপ্ৰিয় গায়ক অৰুণ দাস আৰু নাই । আজি পুৱা ৪.৩৫ বজাত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিলে অৰুণ দাসে ৷ সৰুমটৰীয়াস্থিত আবাসস্থলীত শিল্পীগৰাকীয়ে চিৰ বিদায় মাগিলে ।
অসমৰ জনতাৰ হৃদয়ত দৰদী শিল্পীৰূপে ৯০ দশকত লহৰ তোলা এগৰাকী কণ্ঠশিল্পী আছিল অৰুণ দাস । সেই সময়ৰ ৰকষ্টাৰ অৰুণ দাস । হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠাৰ পিচতেই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল । অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ৰকষ্টাৰ আছিল তেওঁ । এক সুকীয়া ধাৰাত ৰোমাণ্টিক বিৰহ-বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল অৰুণ দাসৰ কণ্ঠত ৷ গানৰ বাবেই সমৰ্পিত কৰিছিল তেওঁ নিজৰ জীৱন । গানৰ বাবেই আনকি তেওঁ নিজৰ চৰকাৰী চাকৰিটোকো এৰি দিছিল । ৰোমাণ্টিক গানৰ এক নতুন লহৰ আনিছিল অৰুণ দাসে । মানুহৰ মুখে মুখে নিগৰিছিল তেওঁৰ এটা এটা জনপ্ৰিয় গীত ৷