গুৱাহাটী, 27 অক্টোবৰ :বাহনৰ গতিবেগ নিৰ্ধাৰণক লৈ কিছুদিন পূৰ্বে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি হৈছিল ৷ সেই বিতৰ্কৰ পিছত অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগে PWD পথসমূহৰ বাবে বাহনৰ সৰ্বাধিক গতিবেগ নিৰ্ধাৰণ কৰি দিছে ৷ বিভাগটোৱে প্ৰকাশ কৰা নতুন জাননী অনুসৰি, চাৰিলেনযুক্ত পথত প্ৰতি ঘণ্টাত ৮০ কিল’মিটাৰ গতিবেগৰ ওপৰত বাহন চলাব নোৱাৰিব ৷
জানি লওক ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বাহনৰ সৰ্বাধিক গতিবেগ সমতল অঞ্চলত চাইড বাম থকা দুইলেন পথত গতিবেগ প্ৰতি ঘণ্টাত ৭০ কিল’মিটাৰ আৰু চাইড বাম নথকা সমতল অঞ্চলত গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ঘণ্টাত ৬০ কিল’মিটাৰ ৷ আনহাতে, চাইড বাম থকা বা নথকা সমতল অঞ্চলৰ ইণ্টাৰমিডিয়েট লেনত সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত ৫০ কিল’মিটাৰ নিৰ্ধাৰণ কৰা হৈছে ৷ তদুপৰি সমতল অঞ্চলৰ একক লেনত বিভাগে গতিবেগ নিৰ্ধাৰণ কৰিছে ঘণ্টাত ৪০ কিল’মিটাৰ ৷
গুৱাহাটী মহানগৰীৰ ভিতৰত পৃথক লেন থকা ৰাস্তাত প্ৰতি ঘণ্টাত ৫০ কিল’মিটাৰ গতিবেগৰ ওপৰত গাড়ী চলাব নোৱাৰিব ৷ তদুপৰি গুৱাহাটীৰ আন এলেকা আৰু অন্যান্য পৌৰ তথা নগৰ অঞ্চলৰ অন্যান্য পথত প্ৰতি ঘণ্টাত ৪০ কিল’মিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷
জানি লওক ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বাহনৰ সৰ্বাধিক গতিবেগ সেইদৰে গাঁও এলেকা, শিক্ষা প্ৰতিষ্ঠান, হাস্পতাল, ব্যস্ততাপূৰ্ণ বজাৰ এলেকা আৰু আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিয়া সুৰক্ষিত অঞ্চলত বাহনৰ গতিবেগ ঘণ্টাত ৩০ কিল’মিটাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ অতি জনবহুল বজাৰ এলেকাত সৰ্বোচ্চ গতিবেগ ঘণ্টাত ২০ কিল’মিটাৰৰ বেছি হ'ব নোৱাৰিব ৷ পাহাৰীয়া অঞ্চলৰ দুইলেন পথত ঘণ্টাত ৪০ কিল’মিটাৰ আৰু একক লেন পথত ৩০ কিল’মিটাৰ নিৰ্ধাৰণ কৰি দিছে ৷ অৱশ্যে এই গতিবেগ কিমানজনে মানি চলে, সেয়া লক্ষণীয় বিষয় ৷
লগতে চাওক:30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ