গুৱাহাটী, ২৮ জুন: কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহেওঁ আৰম্ভ কৰিছে ৰাজনৈতিক কুছকাৱাজ। শেহতীয়াকৈ সমষ্টি সমূহৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম তালিকাও সকলোৰে মুখে মুখে প্ৰচাৰিত হৈ আহিছে। বিজেপি, অগপৰ লগতে কংগ্ৰেছ দলৰো বহু যুৱনেতা প্ৰাৰ্থীত্বৰ দৌৰত থকাৰ চৰ্চা আৰম্ভ হৈছে । বিভিন্ন সময়ত সংবাদ মাধ্যমতো প্ৰকাশিত হৈছে এই বাতৰি । ইতিমধ্যে কংগ্ৰেছ দলৰো বহু কেইগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নামেৰে তালিকা প্ৰস্তুত হোৱা বুলি এক প্ৰচাৰো চলিছে । কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী তালিকাৰ প্ৰসংগত দলটোৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনালে প্ৰতিক্ৰিয়া । এনে ধৰণৰ খবৰক ভিত্তিহীন বুলি উল্লেখ কৰি দলৰ কোনো কৰ্মকৰ্তাকে বিভ্ৰান্ত নহ'বলৈ আহ্বান জনালে কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে । শাসকীয় বিজেপি দলৰ বিপৰীতে কংগ্ৰেছ দলটো বৃহৎ প্ৰত্যাহ্বান হৈ থকাৰ বাবেই কংগ্ৰেছ দলত বিভাজনৰ লগতে সন্দেহৰ ভাৱ সিঁচিবলৈকে কোনো দুষ্ট চক্ৰই এয়া এক ষড়যন্ত্ৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ ।
প্ৰদেশ কংগ্ৰেছত বিভেদ অনাৰ ষড়যন্ত্ৰ চলিছে : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য - candidate
কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহেওঁ আৰম্ভ কৰিছে ৰাজনৈতিক কুছকাৱাজ । ইতিমধ্যে কংগ্ৰেছ দলৰ বহু কেইগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নামেৰে তালিকা প্ৰস্তুত হোৱা বুলি এক প্ৰচাৰো চলিছে । কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী তালিকাৰ প্ৰসংগত দলটোৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনালে প্ৰতিক্ৰিয়া ।

প্ৰদেশ কংগ্ৰেছত বিভেদ অনাৰ ষড়যন্ত্ৰ চলিছে : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
প্ৰদেশ কংগ্ৰেছত বিভেদ অনাৰ ষড়যন্ত্ৰ চলিছে : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
ইফালে বৰ্তমান মহামাৰী ক'ৰণা প্ৰতিৰোধৰ স্বাৰ্থত কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে একোগৰাকী সৈনিক হিচাপে কাম কৰি যোৱা বুলি উল্লেখ কৰিলে কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে । লগতে ৰাজ্যত জাৰি কৰা অপৰিকল্পিত লকডাউনৰ ফলত খাটিখোৱা শ্ৰমিক, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, চালক পৰিচালক, মেকানিক, দৈনিক হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা দূৰ্দশাগ্ৰস্ত সকলৰ লগতে বানাক্ৰান্তৰ সেৱাত কংগ্ৰেছ দল ব্যস্ত হৈ থকা বুলি উল্লেখ কৰে কংগ্ৰেছ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।