গুৱাহাটী, ১৩ ডিচেম্বৰ :য়েছ আৰ্থ য়ুথ কৰ্পছৰ (YesEarth Youth Corps) উদ্যোগত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ গ্ল’বেল ক্লাইমেট ক্লক এচেম্বলি (জলবায়ু ঘড়ী সমাবেশ) আৰু প্ৰদৰ্শনী অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুঠ ৫০ খন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । জলবায়ু কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম কৰাটোৱেই এই অভিযানৰ মূল উদ্দেশ্য ।
অনুষ্ঠানত এটা প্ৰজন্মক পৰিৱেশৰ প্ৰবন্ধক, সমস্যা সমাধানকাৰী আৰু বহনক্ষম পদ্ধতিৰ সমৰ্থক হ’বলৈ অনুপ্ৰাণিত কৰা হয় । তেওঁলোকৰ শক্তি আৰু উদ্ভাৱনৰ সৈতে ইতিবাচক পৰিৱেশ প্ৰভাৱৰ বাবে এক শক্তিশালী শক্তিক বিকশিত কৰিব পৰা যায় আৰু এনে এটা ভৱিষ্যৎ গঢ় দিব পৰা যায় য’ত প্ৰতিটো কাৰ্যই গুৰুত্বপূৰ্ণ আৰু প্ৰতিজন ছাত্ৰই অধিক বহনক্ষম পৃথিৱী গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
য়েছ আৰ্থ ইউথ কৰ্পছৰ উদ্যোগত আৰু এনাৰ্জি স্বৰাজ ফাউণ্ডেশ্যন, এএছটিইচি (অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰ্য্যাৱৰণ পৰিষদ), এইডিএ (অসম শক্তি উন্নয়ন সংস্থা), ৰটাৰী ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট ৩২৪০ আৰু এনচিচি (নেশ্যনেল কেডেট কৰ্পছ)ৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানৰ বুধবাৰে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত শুভাৰম্ভণি কৰা হয় ।