অসম

assam

ETV Bharat / state

মহানগৰীৰ ইতিহাসৰ আগষ্ট মাহৰ সৰ্বোচ্চ উঞ্চতাৰ দিনটো

আগষ্ট মাহৰ পূৰ্বৰ অভিলেখ ভংগ কৰে গুৱাহাটীৰ 2019 ৰ 7 আগষ্টৰ তাপ মাত্ৰাই

মহানগৰীৰ ইতিহাসৰ আগষ্ট মাহৰ সৰ্বোচ্চ উঞ্চতাৰ দিনটো

By

Published : Aug 7, 2019, 8:31 PM IST


গুৱাহাটী, 7 আগষ্ট : উৎকট গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক । গৰমৰ পৰিত্ৰাণ বিছাৰিছে সকলোৱে । কিন্তু পুনৰ আগন্তুক ৪ দিনলৈ থাকিব গৰমৰ প্ৰভাৱ । উল্লেখযোগ্য যে 2019 চনৰ 7 আগষ্টৰ তাপমাত্ৰাই মহানগৰীৰ আগষ্ট মাহৰ পূৰ্বৰ অভিলেখ ভংগ কৰিলে । বুধবাৰৰ দিনটোৰ গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 39.2 ডিগ্ৰী ছেলচিয়াছ ৷ ইয়াৰ পূৰ্বে 2016 চনৰ 25 আগষ্টৰ দিনা গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান আছিল 38.4 ডিগ্ৰী ছেলচিয়াছ ৷ এই গৰমৰ কাৰণ উত্তৰপূৰ্বাঞ্চল পূব দিশৰ সমুদ্ৰপৃষ্ঠ পৰা ডেৰ কিলোমিটাৰ ওপৰেৰে বতাহ বলি থকা বাবে গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি জনাই বৰঝাৰস্থিত অঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

মহানগৰীৰ ইতিহাসৰ আগষ্ট মাহৰ সৰ্বোচ্চ উঞ্চতাৰ দিনটো

ABOUT THE AUTHOR

...view details