অসম

assam

ETV Bharat / state

নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানত বাধা চৰকাৰৰ - সুৰা বিপণী

নিৰ্বাচনী চমক সৃষ্টি আৰু প্ৰতিশ্ৰুতিৰ ধাৰা অব্যাহত ৰাখি পৰৱৰ্তী নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ নিৰ্বাচনৰ পূৰ্বে বিলাতী সুৰা বিপণীৰ নতুন অনুজ্ঞাপত্ৰ দিয়াৰ সম্ভাৱনা নস্যাৎ কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

The government has blocked the issuance of new liquor licenses guwahati assam etv bharat news
নিৰ্বাচনী চমকেৰে সাজু চৰকাৰ

By

Published : Sep 23, 2020, 7:27 PM IST

গুৱাহাটী,23 ছেপ্তেম্বৰ: ৰাজ্যত সমাগত 2021 ৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনলৈ লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ হিতাধিকাৰীকেন্দ্ৰিক আঁচনি ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে । এনে সময়তে বিভিন্ন মহলত ব্যাপক প্ৰচাৰ চলিছে যে, ৰাজ্য চৰকাৰে বিলাতী সুৰা বিপণীৰ নতুন অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, শাসক দলৰ একাংশ বিধায়কে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ দোহাই দি নতুন অনুজ্ঞাপত্ৰ প্ৰদানৰ পোষকতা কৰিছে আৰু বিভিন্ন উৎসৰ জৰিয়তে মুখ্যমন্ত্ৰীক প্ৰভাৱান্বিত কৰাৰো চেষ্টা চলোৱা দেখা গৈছে ৷

তাৎপৰ্যপূৰ্ণভাৱে সম্প্ৰতি বিলাতী সুৰা বিপণীৰ নতুন অনুজ্ঞাপত্ৰ দিয়াৰ সম্ভাৱনা একেমুখে নস্যাৎ কৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । বিভাগীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে এই কথা স্পষ্টকৈ প্ৰকাশ কৰে ইটিভি ভাৰতৰ আগত ।

নিৰ্বাচনী চমকেৰে সাজু চৰকাৰ

মন্ত্ৰীগৰাকীয়ে কয় যে, মাত্ৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থতে চৰকাৰে নতুনকৈ আৰু বিলাতী সুৰা বিপণী মুকলিৰ অনুমতি নিদিয়ে । বৰ্তমানৰ ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পিছত এখনো নতুন সুৰা বিপণী মুকলিৰ নিৰ্দেশ দিয়া নাই । কিন্তু চৰকাৰখন শাসনলৈ অহাৰ সময়ত আবকাৰী বিভাগৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল প্ৰায় 700 কোটি টকা । বৰ্তমান এই পৰিমাণ 2900 কোটিলৈ বৃদ্ধি পাইছে । একমাত্ৰ পূৰ্বৰে পৰা চলি অহা ৰাজহ ওলাই যোৱা বাটবোৰ বন্ধ কৰাৰ বাবে এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেনে ক্ষেত্ৰত ৰাজহ সংগ্ৰহৰ বাবে নতুনকৈ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা চৰকাৰে ভবা নাই বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী শুক্লবৈদ্য়ই ।

লগতে চাওকঃজোনাইত ব্ৰাউন চুগাৰ জব্দ: আটক দুজন

ABOUT THE AUTHOR

...view details