অসম

assam

ETV Bharat / state

গুৱাহাটীত উত্তৰ-পূৱৰ প্ৰথমটো আই বেংক মুকলি - চকু দান

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো আই বেংক মুকলি গুৱাহাটীত ৷ আই বেংকটো মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

the-first-northeast-eye-bank-opens-in-guwahati-medical-collage
গুৱাহাটীত উত্তৰ-পূৱৰ প্ৰথমটো আই বেংক মুকলি

By

Published : Jan 1, 2021, 10:25 PM IST

গুৱাহাটী, 1 জানুৱাৰী :ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ । কিয়নো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত পোন-প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল আই বেংক । ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ৰাইজৰ বাবে মুকলি কৰে আই বেংকটো ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

উক্ত অনুষ্ঠানত ড° শৰ্মাই এতিয়াৰে পৰা সকলো লোকে নিজৰ চকু মৃত্যুৰ পাচত দৃষ্টিহীনসকলৰ বাবে দান কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ইতিমধ্যে এই ক্ষেত্ৰত এটা সহায়ক শাখা মুকলি কৰাৰ বাবে 88223-80763 বা 88223-77199 নম্বৰত দুটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক :তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে

আনহাতে, শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ অত্যাধুনিক ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ নৱ-নিৰ্মিত ভৱনো মুকলি কৰা হয় । মাংগলিক কাৰ্যসূচীৰে অত্যাধুনিক সা-সুবিধা সম্পন্ন হাস্পতালখন মুকলি কৰি স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ল বুলি আশা ব্যক্ত কৰে । উল্লেখ্য যে, নৱ-নিৰ্মিত অত্যাধুনিক সুবিধা সম্পন্ন হাস্পতালখনৰ ভৱন মুকলি অনুষ্ঠানত স্বাস্থ্য বিভাগৰ সচিব প্ৰধান অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক এছ লক্ষ্মণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধ্যক্ষ ৰবীন ভূঞা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ অভিজিৎ শৰ্মাৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ

ABOUT THE AUTHOR

...view details