গুৱাহাটী, 15 ডিচেম্বৰ :নৱবৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন ৷ 3 ৰ পৰা 5 জানুৱাৰীত ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হ'ব অভিৱৰ্তন ৷ ইতিমধ্যে, অভিৱৰ্তনকলৈ সকলো প্ৰস্তুতি তুংগত উঠিছে ৷ প্ৰথমখন অভিৱৰ্তনতে সমাবেশ ঘটিব বহু কেইটা ৰাজনৈতিক দলৰ নেতাকৰ্মীৰ ৷ এই কথা অবগত কৰিলে 'ৰাইজৰ দল'ৰ মুখ্য সমন্বয়ক ভাস্কো ডি শইকীয়াই ৷
আনহাতে, 2021 চনৰ বিধানসভা নিৰ্বাচনত সকলো আঞ্চলিক ৰাজনৈতিক দলক লগত লৈ ৰাজনীতিৰ যুঁজত নামিব ৰাইজৰ দলে ৷ সমান্তৰালভাৱে কাৰাবন্দী কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাস্কো ডি শইকীয়াই ৷ যদিহে অখিল গগৈ কাৰামুক্ত হয় তেতিয়াহলে 2021 চনৰ নিৰ্বাচনত ৰাইজে বিচৰা ধৰণেৰে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব বুলি উল্লেখ কৰে ৷