অসম

assam

ETV Bharat / state

কৃষকৰ বাবে পাঁচটাকৈ কোম্পানী গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোটাকৈ কম্বাইন হাৰ্ভেষ্টৰ যোগান ধৰাৰ লগতে প্ৰস্তাৱিত কৃষকৰ কোম্পানীসমূহৰ প্ৰতিটোতে পাঁচশ জনকৈ লোকক জড়িত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । আনহাতে লক​ ডাউনৰ ৭০ টা দিনত অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি ৩৫৭ কোটি টকা আয় কৰা হৈছে বুলিও বৈঠকত কৃষি বিভাগৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক অৱগত কৰা হয় ।

By

Published : Jun 8, 2020, 8:02 PM IST

The Chief Minister directed to form five companies for the farmers
কৃষকৰ বাবে পাঁচটাকৈ কোম্পানী গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,৮ জুনঃ কৃষি উৎপাদন,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল,উৎপাদিত সামগ্ৰী সংগ্ৰহ আদি একেলগে কৰিব পৰাকৈ ৰাজ্যত এশটা ফাৰ্মা প্ৰডিউচাৰ্ছ কোম্পানী গঠন কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোমবাৰে কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত কৃষি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰিবলৈ অনুষ্ঠিত কৰা এখন বৈঠকত উপস্থিত থাকি এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ কৃষকৰ বাবে ৰাজ্যতে বীজ উৎপাদন কৰিবলৈও অসম বীজ নিগমক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

কৃষকৰ বাবে পাঁচটাকৈ কোম্পানী গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

লগতে পঢ়কঃ কাৰ্বি আংলঙত Covid 19 ত আক্ৰান্ত হৈ এজনৰ মৃত্যু

লগতে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোটাকৈ কম্বাইন হাৰ্ভেষ্টৰ যোগান ধৰাৰ লগতে প্ৰস্তাৱিত কৃষকৰ কোম্পানীসমূহৰ প্ৰতিটোতে পাঁচশ জনকৈ লোকক জড়িত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আনহাতে লক​ ডাউনৰ ৭০ টা দিনত অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি ৩৫৭ কোটি টকা আয় কৰা হৈছে বুলিও বৈঠকত কৃষি বিভাগৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক অৱগত কৰা হয় । কোভিড ১৯ ৰে যুঁজিবলৈ আৰু ৰাজ্যৰ অৰ্থনীতি গতিশীল কৰি ৰাখিবলৈ কৃষিখণ্ডক গুৰুত্ব দিবই লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

ABOUT THE AUTHOR

...view details