গুৱাহাটী, ২ আগষ্ট:ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি হৰ ঘৰ ত্ৰিৰংগা সফল কৰাৰ উদ্দেশ্যে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডেও ব্যৱস্থা হাতত লৈছে(AKVIB has set target of producing 50 thousand flags) । এইবাৰ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডে(The Assam Khadi and Village Industries) ৫০ হাজাৰ পতাকা প্ৰস্তুতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইতিমধ্যে, ৩০ হাজাৰতকৈ অধিক পতাকা প্ৰস্তুত কৰি উলিওৱা হৈছে । যাৰ মূল্য ৯০,১৫,২৫০ টকা । মঙলবাৰে বৰ্ডৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ।
তেওঁ লগতে কয় যে, ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে ৫০ হাজাৰ পতাকা প্রস্তুতৰ লক্ষ্য লৈছে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডে । বিহাৰ, অৰুণাচল প্ৰদেশেও জাতীয় পতাকা ক্ৰয় কৰিব অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ পৰা । উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় পতাকা প্রস্তুতৰ একমাত্ৰ কৰ্তৃত্ব অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ড থকাৰ বাবেই বিভিন্ন ৰাজ্যৰ পৰা অৰ্ডাৰ আহিছে বুলি তেওঁ জানিবলৈ দিয়ে ।
আনহাতে, তেওঁ সকলোকে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ জাতীয় পতাকা ব্যৱহাৰ কৰিবলৈহে আহ্বান জনায় । সম্প্ৰতি অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডত মুঠ ৩০ৰ পৰা ৩৫ গৰাকী কৰ্মী নিয়োজিত হৈ আছে কেৱল জাতীয় পতাকা প্রস্তুতৰ বাবে । অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ জাতীয় পতাকাৰ সৰ্বনিম্ন মূল্য হৈছে ৫০ টকা ৷
ইতিমধ্যে, প্ৰস্তুত হৈ উঠা জাতীয় পতাকা সমূহ বিভিন্ন চৰকাৰী, অৰ্ধচৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান আৰু ৰাইজে ক্ৰয় কৰিছে । তাৰোপৰি ৰাজ্যৰ বিভিন্ন স্থানত থকা ১৯ টা বিক্ৰী কেন্দ্ৰৰ যোগেদি জাতীয় পতাকা বিক্ৰী কৰি থকা হৈছে ।