গুৱাহাটী, ১৩ আগষ্ট: "ভাৰত মাতা কি জয়" ধ্বনিৰে অসম বিধানসভাত শুকুৰবাৰে বিয়লি গৃহীত হ'ল বহু চৰ্চিত গো-সুৰক্ষা বিধেয়ক । বিৰোধী পক্ষই বিধেয়কখন সন্দৰ্ভত সৰ্বমুঠ ৭৬ টা সংশোধনী সদনত দাখিল কৰিছিল আৰু এই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে বিধানসভাৰ বাচনি সমিতি (Select Committee) লৈ প্ৰেৰণ কৰাৰ দাবী তুলিছিল ।
কিন্তু বিৰোধী পক্ষৰ এনে দাবী সদনত একপ্ৰকাৰ নস্যাৎ হয় আৰু বিয়লি ধ্বনি ভোটৰ মাজেৰে বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত এক নতুন ইতিহাসৰ ৰচনা হয় ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম, চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি বিৰোধী পক্ষৰ বহু কেইগৰাকী বিধায়কে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । বিধায়ক আমিনুল ইছলামে বিধেয়কখনৰ বিৰোধিতা কৰি সদনত কয় যে, এই নতুন আইনৰ ফলত ৰাজ্যত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হ'ব গো-পালক আৰু কৃষক সকল ।
এইখন বিধেয়কৰ সৈতে অসমৰ অৰ্থনীতিৰ বিষয়টো জড়িত হৈ আছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে, বিধেয়কখন যদিহে আইনলৈ ৰূপান্তৰিত হয় তেন্তে অসমৰ অৰ্থনীতিৰ প্ৰায় ২০ হাজাৰ কোটি টকাৰ ক্ষতি হ'ব । এক কথাত এই বিধেয়কখনে অসমৰ অৰ্থনীতি জুৰুলা কৰিব বুলি উল্লেখ কৰি এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে আৰু কয় যে, অসমৰ সকলো মন্দিৰ-নামঘৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গো-মাংসৰ বিক্ৰী নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণযোগ্য হ'ব নোৱাৰে ।
লগতে পঢ়ক:স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক
এনে হ'লে অসমত ক’তো গো-মাংস বিক্ৰীয়েই কৰিব নোৱাৰিব । গৰু বিলুপ্তপ্ৰায় প্ৰাণী নহয় যে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এনে কঠোৰ আইন গো সুৰক্ষাৰ পৰিৱৰ্তে নাৰী সুৰক্ষাৰ ক্ষেত্ৰতহে হ'ব লাগিছিল বুলি তেওঁ মন্তব্য কৰে ।
একেদৰে চি পি এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও এই আইনখনৰ বিৰোধ কৰি কয় যে, এই বিধেয়কখনৰ মতে ১৫ বছৰ বয়স নহ'লে কোনেও গৰু বিক্ৰী কৰিব নোৱৰাৰ যি ব্যৱস্থা কৰিছে সিয়ে কৃষক বা সাধাৰণ শ্ৰেণীৰ লোকক মাধমাৰ সোধাব । সেইবাবে বিধেয়কখন বিধানসভাৰ বাচনি সমিতিলৈ প্ৰেৰণ কৰিবলৈ তেওঁ দাবী জনায় ।