অসম

assam

ETV Bharat / state

Assam Police Commando Battalion:ভাৰতীয় সেনাৰ উদ্যোগত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ ৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

শুকুৰবাৰে ভাৰতীয় সেনাৰ উদ্যোগত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ ৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷

The 40-week training of the Assam Police Commando Battalion has concluded
৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:38 PM IST

গুৱাহাটী, ২ ছেপ্টেম্বৰ : অসম আৰক্ষীত ব্যাপক সংস্কাৰ সাধনৰ লক্ষ্যৰে বিগত বৰ্ষত গঠন কৰা পাঁচটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ বিষয়া-জোৱানসকলে সেনা বাহিনীৰ দৰে যাতে উগ্ৰপন্থী বা তেনে কাৰ্যকলাপৰ লগত জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই নিজ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ বাবে বিশেষ কমাণ্ডো প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল ৷

এই ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিগত বৰ্ষৰ পৰা সেনা বাহিনীৰ তত্ত্বাৱধানত এই কমাণ্ডো প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। জানিব পৰা মতে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ গজৰাজ কপৰ্চৰ উদ্যোগত অসম আৰক্ষীৰ পাচঁটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ ২,২৮৪ জন বিষয়া-জোৱানক প্ৰশিক্ষণ দিয়া হৈছিল ।

৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

অসম আৰক্ষীৰ পাচঁটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ ২,২৮৪ জন বিষয়া-জোৱানৰ ভিতৰত আছিল ২৭৩ গৰাকী মহিলা কমাণ্ডো, ১৫ গৰাকী মহিলা উপ-পৰিদৰ্শক, ২৬৯ গৰাকী উপ-পৰিদৰ্শক আছিল । আনহাতে ভাৰতীয় সেনাৰ অসম আৰু মেঘালয়ৰ সাতোটা স্থানত থকা সেনাৰ দক্ষ প্ৰশিক্ষকসকলে দিয়া ৪০ সপ্তাহৰ বিশেষ প্ৰশিক্ষণৰ পহিলা ছেপ্টেম্বৰত সামৰণি পৰে ।

৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

প্ৰশিক্ষণৰ কালছোৱাত তেওঁলোকক গেৰিলা যুদ্ধৰ কৌশল, সকলো ধৰণৰ বাধা নেওচিও শত্ৰুক পৰাজিত কৰা, আইন-শৃংখলা ৰক্ষাৰ লগতে আভ্যন্তৰীণ আৰু ৰাষ্ট্ৰ বিৰোধী শক্তিক চিনাক্ত কৰি পৰাজিত কৰা, হঠাৎ শত্ৰুৰ ওপৰত আক্ৰমণ কৰা আদি বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হৈছিল । আনহাতে পহিলা ছেপ্টেম্বৰত সামৰণি অনুষ্ঠানত অসম আৰক্ষীৰ কমাণ্ডো জোৱানসকলে বিভিন্ন কলা-কৌশল, সমৰকলা আদি সুন্দৰকৈ পৰিদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।

লগতে পঢ়ক :Assam Police: দুৰ্নীতিৰ ক্ষেত্রত অসম আৰক্ষী শূন্য সহনশীল; ডিজিপি জি পি সিং

ABOUT THE AUTHOR

...view details