অসম

assam

ETV Bharat / state

41 হাজাৰ টেট শিক্ষকে কঁপাব ৰাজপথ ! - etv assam

সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰায় 41 হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবী কৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকসকলে । চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলিও অভিযোগ কৰে শিক্ষক সমাজে ।

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

By

Published : Jun 16, 2019, 11:42 PM IST

গুৱাহাটী, ১৬ জুনঃশিক্ষা মন্ত্ৰীয়ে টেট শিক্ষকক কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰে শিক্ষক সমাজে । সংবাদমেল খনত শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে । ড্ৰাইভিং লাইছেন্সৰ লগত শিক্ষকক তুলনা কৰি অপমান কৰাৰ লগতে শিক্ষকক সন্মান দিব নজনা শিক্ষা মন্ত্ৰী জনে অসমৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ পথলৈ ঠেলি দিছে বুলিও মন্তব্য কৰে শিক্ষক সমাজে ।

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰায় 41 হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবী কৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকসকলে । চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলিও অভিযোগ কৰে শিক্ষক সমাজে ।

ইয়াৰোপৰি চাকৰি নিয়মীয়াকৰণৰ দাবীত ১৮ জুনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জনায় টেট শিক্ষকে । এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিব টেট শিক্ষক সমাজে ৷ তৎসত্বেও যদি চাকৰি নিয়মীয়াকৰণ নহয় তেন্তে ২৯ জুনত ৰাজপথলৈ ওলাই আহিব 41 হাজাৰ টেট শিক্ষক ।

ABOUT THE AUTHOR

...view details