অসম

assam

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল - বিজেপি চৰকাৰ

গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল ৷ চাকৰি নিয়মীয়াকৰণ নকৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সমাজে ৷ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিচতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰে শিক্ষক সমাজে ৷ লগতে, 60 বছৰৰ বাবে চাকৰিৰ সুৰক্ষা দাবী কৰিছে শিক্ষক সমাজে ৷

TET Qualified Teachers Protest Demanding Regularisation
চাকৰি নিয়মীয়াকৰণৰ বাবে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

By

Published : Aug 4, 2020, 6:45 PM IST

গুৱাহাটী, 4 আগষ্ট : চৰকাৰে ভিজন ডকুমেন্টৰ মতে কোনো কাম নকৰিলে ৷ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলক বছৰ বছৰ ধৰি বঞ্চিত কৰিলে নিয়মীয়াকৰণৰ পৰা ৷ এই অভিযোগ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷

সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে আকৌ অভিযোগ উখাপন কৰি শিক্ষক সমাজে কয় যে, বিজেপি চৰকাৰে যোৱা বিধানসভা নিৰ্বাচনৰ ভিজন ডকুমেন্টত চৰকাৰ গঠন হ'লেই ঠিকাভিত্তিত টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব বুলি উল্লেখ কৰিছিল ৷ কিন্তু বাস্তবত সেয়া হৈ উঠা নাই বুলি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰে ৷

চাকৰি নিয়মীয়াকৰণৰ বাবে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

আনহাতে, চলিত বৰ্ষৰ 7 জুনত মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলৰ 60 বছৰলৈ চাকৰি সুৰক্ষা প্ৰদান কৰাৰ লগতে অন্য সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ আনকি, কেবিনেটৰ এই সিদ্ধান্তৰ নিৰ্দেশনাও প্ৰকাশ পাইছিল ৷ কিন্তু আশ্চৰ্যজনকভাবে কিছু দিনৰ পাচতেই শিক্ষা বিভাগে তেওঁলোকক নতুন চুক্তি পত্ৰত চহী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু এই চুক্তিপত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে সকলো শিক্ষকে ইয়াৰ বিৰোধিতা কৰিছিল ৷ প্ৰতিখন জিলাৰ ঠিকাভিত্তিত শিক্ষক সকলৰ মতামত গ্ৰহন কৰি জিলা সমিতি সমূহৰ পৰা লিখিত পৰামৰ্শ লৈ আৰু শিক্ষক সকলে নতুন চুক্তি পত্ৰত স্বাক্ষৰ নকৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহন কৰি চৰকাৰলৈ পঠিয়াই ৷ লগতে, তেওঁলোকে নতুন চুক্তি বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল ৷

চাকৰি নিয়মীয়াকৰণৰ বাবে গুৱাহাটীত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল

ইফালে, উক্ত সংবাদমেলতে শিক্ষক সমাজে কোনো ঠিকাভিত্তিক শিক্ষক এই চুক্তিৰ আওতাত আহিব নিবিচাৰে ৷ লগতে, প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজকো 60 বছৰৰ চাকৰি সুৰক্ষা প্ৰদান কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চেগুণ কাঠ

ABOUT THE AUTHOR

...view details