গুৱাহাটী, 29 ছেপ্তেম্বৰঃ অসম সৰ্বশিক্ষা অভিযানৰ এখন জাননীয়ে হাহাকাৰৰ সৃষ্টি কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ মাজত ৷ সৰ্বশিক্ষা মিছনৰ বিশেষ কৰ্তব্যৰত বিষয়া কৃষ্ণা বৰুৱাই জাৰি কৰা এক জাননী মৰ্মে চলিত বৰ্ষৰ ২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকলে ৷ এই চুক্তি অনুসৰি ঠিকাভিত্তিক শিক্ষসকলক চলিত বৰ্ষৰ 1 জুলাইৰ পৰা নতুন কৰ্মচাৰী হিচাপে গণ্য কৰা হ’ব ৷ আনহাতে, এই নতুন চুক্তিপত্ৰত চাক্ষৰ নকৰিলে শিক্ষকসকলক দৰমহা আদায় দিয়া বন্ধ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে ৷
২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে - টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সেহতীয়া বাতৰি
অসম সৰ্বশিক্ষা মিছনৰ বিশেষ কৰ্তব্যৰত বিষয়া কৃষ্ণা বৰুৱাই জাৰি কৰা এক জাননীমৰ্মে চলিত বৰ্ষৰ ২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকলে ৷ এই চুক্তি অনুসৰি ঠিকাভিত্তিক এই শিক্ষসকলক চলিত বৰ্ষৰ 1 জুলাইৰ পৰা নতুন কৰ্মচাৰী হিচাপে গণ্য কৰা হ’ব ৷
![২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে TET qualified Contractual teachers have to sign new agreement with in 20 October](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8979339-thumbnail-3x2-g.jpg)
২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে
এই জাননীখনে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ মাজত ৷ এই চুক্তিপ্ৰত্ৰ অনুসৰি ঠিকাভিত্তিক শিক্ষকসকলে এতিয়াৰে পৰা মৰগীয়া বানচ, চাকৰি নিয়মীয়াকৰণ, আৰু বৰ্ধিত গ্ৰেড পেৰ দাবী উত্থাপন কৰিব নোৱাৰিব ৷