অসম

assam

ETV Bharat / state

নিযুক্তিৰ দাবীত মহানগৰীৰ চচলত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ - শুদ্ধ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান

টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল । ২০১৯ বৰ্ষত অসম প্ৰাথমিক টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীকে নিযুক্তি দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল
টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

By

Published : Jan 21, 2021, 9:12 PM IST

গুৱাহাটী, ২১ জানুৱাৰী: সদ্য প্ৰকাশিত শিক্ষক নিযুক্তি তালিকাত নাম নথকা ২০১৯ বৰ্ষত অসম প্ৰাথমিক টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীৰ নিযুক্তিৰ দাবীত বৃহস্পতিবাৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে । টেট উত্তীৰ্ণ প্ৰায় পোন্ধৰ হাজাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত নিযুক্তি লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে । শিক্ষক নিযুক্তি তালিকাৰ বিসংগতি দূৰ কৰি শুদ্ধ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান কৰি সংস্থাপন দিয়াৰ বাবে প্ৰতিবাদস্থলীৰ পৰাই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷

টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ চচল

শিক্ষামন্ত্ৰীয়ে সভাসমূহত ২০ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি এতিয়া ৮ হাজাৰ শিক্ষকহে নিযুক্তি দিছে বুলিও অভিযোগ উত্থাপন কৰে ৷ আনহাতে যিসকলক নিযুক্তি দিছে তাতো বিসংগতি থকা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷ যদিহে শিক্ষা মন্ত্ৰীয়ে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে, তেন্তে টেট উত্তীৰ্ণ ১৫ হাজাৰ প্ৰাৰ্থী ৰাজপথলৈ ওলাই আহিব বুলিও হংকাৰ দিয়ে ।

ইয়াৰ বাবে সংশ্লিষ্ট বিভাগ জগৰীয়া হ'ব বুলিও সকিয়াই দিয়ে । শীঘ্ৰে শিক্ষা বিভাগে নিযুক্তিৰ ব্যৱস্থা নকৰিলে বহু শিক্ষকৰ নিৰ্ধাৰিত বয়স পাৰ হৈ যাব বুলিও প্ৰাৰ্থীসকলে শংকা ব্যক্ত কৰে । ষ্টেট পুলৰ শিক্ষকসকলক মাহে ১০ হাজাৰ টকা দি হ'লেও নিযুক্তি দিবলৈ দাবী জনায় ।


লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত নিষিদ্ধ হেৰ'ইনসহ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details