জামাতৰ পৰা অহা প্ৰতিজনক স্বাস্থ্যপৰীক্ষা কৰাৰ আহ্বান AIUDF প্ৰধানৰ - Test all those people who will come from Tablighi jamat said Badaruddin ajmal
যি সকল তবলীগি জামাতৰ লোক দিল্লী পৰা অসম পালেহি তেওঁলোকে শীঘ্ৰেই চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাওক - বদৰুদ্দিন আজমল
গুৱাহাটী,৫ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিনৰ পৰা যি সকল তবলীগি জামাতৰ লোক অসমলৈ উভতি আহিছে, সেই সকলক চিকিৎসালয়লৈ গৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কৰযোৰে পুনৰবাৰ আহ্বান জনাইছে- এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ সাংসদ গৰাকী কয় যে, যি সকল তবলীগি জামাতৰ লোক দিল্লী পৰা অসম পালেহি তেওঁলোকে শীঘ্ৰেই চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাওক ৷ আহিবলগীয়া ডাঙৰ বিপদৰ আগতেই আমি সকলো সতৰ্ক হ'ব লাগিব ৷ বাৰে বাৰে জামাতী ভাই সকলক অনুৰোধ কৰি সাংসদগৰাকীয়ে কয় যে, আপোনালোকে পলাব নালাগে, লুকুৱাব নেলাগে, আপোনালোকে কোনো চোৰ ডকাইতি কৰা নাই, গতিকে ভয় নকৰি চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কৰযোৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে সকলোলৈকে পুনৰ আহ্বান জনাই ৷