যোৰাবাটৰ আদৰ্শ নগৰত ঢেকীয়াপতীয়াই সৃষ্টি কৰিছে আতংকৰ - আদৰ্শ নগৰত ঢেকীয়াপতিয়া বাঘ
দ্বীপক কলিতা নামৰ লোকজনে মঙলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে । পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে, ঢেকীয়াপতীয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত । গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব ।
যোৰাবাট, 23 অক্টোবৰ: যোৰাবাটৰ আদৰ্শ নগৰত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিৱেশৰ । উক্ত অঞ্চলত ঢেকীয়াপতীয়া বাঘ ওলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ । দ্বীপক কলিতা নামৰ লোকজনে মঙলবাৰে নিশা ঘৰলৈ যোৱাৰ পথত ঢেকীয়াপতীয়া বাঘটো প্ৰত্যক্ষ কৰি গঞা ৰাইজক খবৰ দিয়াত সমগ্ৰ ৰাইজ ওলাই আহি হুৱাদুৱা পৰিৱেশৰ সৃষ্টি কৰে । পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও স্থানীয় ৰাইজে কয় যে ঢেকীয়াপতীয়া বাঘটো পোৱালি যিহেতু বাঘটোৰ মাতৃও আছে উক্ত অঞ্চলত । গতিকে ইয়াকে লৈ এতিয়া হুলস্থুল পৰিৱেশে বিৰাজ কৰিছে । বন বিভাগৰ লোকে এতিয়া বাঘৰ পোৱালীটো উদ্ধাৰ কৰিব পাৰিব নে নাই সেয়াহে লক্ষ্যণীয় হব । স্থানীয় ৰাইজৰ সন্দেহ যে কাষতে থকা আমচাং অভয়াৰণ্যৰ পৰা এই ঢেকীয়াপতীয়া বাঘটো ওলাই আহিছে ।