অসম

assam

By

Published : Feb 19, 2021, 7:48 PM IST

ETV Bharat / state

সদৌ অসম সৰ্বশিক্ষা অভিযান মিচনৰ অব্যাহতি অভিযন্তা সন্থাৰ সংবাদমেল

সদৌ অসম সৰ্বশিক্ষা অভিযান মিচনৰ অব্যাহতি অভিযন্তা সন্থাৰ দিশপুৰ প্ৰেছ ক্লাৱত সংবাদ মেল ৷

সদৌ অসম সৰ্বশিক্ষা অভিযান মিচনৰ অব্যাহতি অভিযন্তা সন্থাৰ সংবাদমেল
সদৌ অসম সৰ্বশিক্ষা অভিযান মিচনৰ অব্যাহতি অভিযন্তা সন্থাৰ সংবাদমেল

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: সৰ্বশিক্ষা মিচন অভিযানৰ অধীনত কৰ্মৰত অভিযন্তাসকলক কামৰ পৰা অব্যাহতি দিয়াৰ টি আৰ পি এণ্ড ডব্লিউ এচ টি পি চিভিল ইন্জিনীয়াৰসকলক পুনৰ সংস্থাপন দিয়াৰ দাবী ৷ বিগত ১১ বছৰৰ পৰা ৭ বছৰ পৰ্যন্ত কৰ্মৰত আছিল এইসকল অভিযন্তা ৷ ইয়াৰে অধিকাংশ ৰুগীয়া আৰু কেবাগৰাকীও ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে । লগতে বয়সৰ উৰ্ধসীমা পাৰ হৈ গৈছে । বয়স পাৰ হৈ যোৱা লোকসকলক যিকোনো বিভাগত নিযুক্তি দিবলৈ আহ্বান এইসকল অভিযন্তাৰ ।

সদৌ অসম সৰ্বশিক্ষা অভিযান মিচনৰ অব্যাহতি অভিযন্তা সন্থাৰ সংবাদমেল

বিগত চাৰি বছৰে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰাৰ পাচতো কোনো সুফল পোৱা নাই ৷ এইসকল অভিযন্তাই চৰকাৰক অনুৰোধ জনাই যে অতিশীঘ্ৰে অসম চৰকাৰৰ যিকোনো বিভাগত হ'লেও পুনৰ নিযুক্তি দিব লাগে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলেৰ ওচৰলৈ কেইবাবাৰো যোৱাৰ পাচতো অভিযন্তাসকলে সুফল নোপোৱাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয় সন্দৰ্ভত অৱগত কৰে ৷ মন্ত্ৰী ডঃ শৰ্মাই দিয়া আশ্বাসে এইসকল অভিযন্তাক বন্দী কৰি ৰাখিছে ৷ ২১ ৰ নিৰ্বাচনৰ পূৰ্ৱে নিযুক্তি দিয়াৰ ব্যৱস্থা নকৰিলে আমৰণ অনশনত বহা হুংকাৰ টি আৰ পি এণ্ড ডব্লিউ এচ টি পি অভিযন্তাসকল ৷

লগতে পঢ়ক:কামৰূপ জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাৰ অসহযোগ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details