গুৱাহাটী, 13 নৱেম্বৰ :এখন বেনাৰক লৈ মহানগৰীৰনুনমাটি আনন্দ নগৰ অঞ্চলত উত্তেজনা ৷ এগৰাকী মহিলাই বেনাৰ ফলাক লৈ সৃষ্টি হয় এই উত্তেজনা ৷ ঘটনাৰ বিৱৰণি অনুসৰি, নুনমাটিৰ আনন্দ নগৰ 2 নং পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ সেয়ে পথ দুৰ্ঘটনা ৰোধৰ বাবে ন-পাৰ্কিং লিখা বেনাৰ উক্ত পথত আঁৰি দিছিল ৰাইজে ৷ কিন্তু সোমবাৰে ৰাইজে আঁৰি দিয়া বেনাৰ ফলাৰ লগতে বেনাৰসমূহ পথৰ দাঁতিলৈ দলিয়াই পেলাই উক্ত অঞ্চলৰে নিবাসী এগৰাকী মহিলাই ৷ যাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
ৰাইজৰ অভিযোগ অনুসৰি, নুনমাটিৰ আনন্দ নগৰ অঞ্চলৰে বাসিন্দা মেৰীলিন হাজৰিকা নামৰ মহিলাগৰাকীয়ে ৰাইজে আঁৰি দিয়া কেইবাখনো বেনাৰ ফালিলে ৷ এইক্ষেত্ৰত ৰাইজে কয়, ‘‘ এই পথচোৱাৰ কাষতে বাহনসমূহ পাৰ্কিং কৰি ৰাখে ৷ সেয়ে ইউ টাৰ্ণ লোৱাৰ সময়েত দুৰ্ঘটনা সংঘটিত হয় ৷ সঘনাই সংঘটিত পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি আঁৰি দিছিলো ন-পাৰ্কিং লিখা কেইবাখনো বেনাৰ ৷ কিন্তু আজি পুৱাৰ ভাগত উক্ত বেনাৰসমূহ ফালি দিয়াৰ লগতে বেনাৰসমূহ পথৰ দাঁতিলৈ দলিয়াই পেলাই নিজকে হোজাইৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ বুলি পৰিচয় দিয়া মেৰীলিন হাজৰিকা নামৰ মহিলা গৰাকীয়ে ৷’’