গুৱাহাটী, 19 মে’ :পুৱাই প্ৰতিবাদ মুখৰ হৈ পৰিল মহানগৰীৰ বোন্দা-চপাইদাং সংযোগী ৰে’ল পথচোৱা (Tense situation at Bonda in Guwahati) ৷ ৰে’ল বিভাগৰ আজৱ কৰ্মকাণ্ডক লৈ এতিয়া খৰ্গহস্ত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ যাৰ ফলত ৰে’ল বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱাই প্ৰতিবাদত বহিল বোন্দা-চপাইদাংবাসী ৰাইজ (People protest against railway department in Bonda)৷
মহানগৰীৰ বোন্দা-চপাইদাং সংযোগী পথচোৱা ৰে’ল বিভাগে হঠাৎ বন্ধ কৰিবলৈ অহাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত সমগ্ৰ অঞ্চলটোত সৃষ্টি এক উত্তেজনাময় পৰিস্থিতি ৷ ৰে’ল বিভাগৰ এনে কাৰ্যৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল দুই শতাধিক লোক । প্ৰায় 10 সহস্ৰাধিক লোকৰ যাতায়তৰ একমাত্ৰ সম্বল এই পথটো কোনো কাৰণতে ৰে’ল বিভাগক বন্ধ কৰিবলৈ দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিয়ে অঞ্চলটোৰ ৰাইজে ৷