গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী :যুদ্ধ বিধ্বস্ত ইউক্ৰেইন(Russia Ukraine crisis)ৰ পৰা ভাৰত চৰকাৰে উদ্ধাৰ কৰি অনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেওবাৰে সন্ধিয়া সুকলমে নিৰাপদে আহি দিল্লীত উপস্থিত হয় অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী (Ten students from Ukraine reached Assam) । দেওবাৰে সন্ধিয়া ৬:০৫ বজাত আহি দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰা এই চাৰিগৰাকী ছাত্ৰ হ'ল নগাঁৱৰ সমন্বয় কুমাৰ শৰ্মা, নলবাৰীৰ অংশুমান শৰ্মা, কামাখ্যাধামৰ গুণজিৎ কাশ্যপ আৰু নগাঁৱৰ শ্বাহজান হাজৰিকা ।
এই চাৰিওগৰাকী ছাত্ৰই হৈছেইউক্ৰেইনৰ টি এন এম ইউত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ । উল্লেখ্য যে, এই পৰ্যন্ত শনিবাৰ আৰু দেওবাৰৰ দিনটোৰ ভিতৰত অসমৰ মুঠ ১০ গৰাকী অসমৰ শিক্ষাৰ্থীক কেন্দ্ৰীয় চৰকাৰৰ বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ে সুকলমে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি আনিছে । কিন্তু এতিয়াও যুদ্ধজৰ্জৰ ৰাষ্ট্ৰখনত আৱদ্ধ হৈ আছে অসমৰ বহুসংখ্যক শিক্ষাৰ্থী ।