গুৱাহাটী, ২ জানুৱাৰী : ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা আজি অৰ্থাৎ মঙলবাৰে পঞ্চমটো দিন । গ্ৰন্থমেলাৰ আৰম্ভণিৰে পৰা আজিলৈকে অসম গ্ৰন্থমেলা বাকৰিত উন্মোচন কৰা হয় প্ৰায় কুৰিখনতকৈও অধিক গ্ৰন্থ ৷ মঙলবাৰে গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয় তিনিখন বিশেষ গ্ৰন্থ ।
গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক প্ৰভাত গোস্বামী, বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট কবি ৰবীন্দ্ৰ বৰা, বিশিষ্ট লেখক ইছমাইল হোছেইনে ৷ উন্মোচন কৰা গ্ৰন্থ কেইখন হৈছে কবি বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ', নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ সাহিত্য অকাডেমি বঁটা বিজয়ী ইংৰাজী গ্ৰন্থৰ দিগন্ত গোহাঞিৰ অসমীয়া অনুবাদ 'সোণাৰু শিখৰ' আৰু ড৹ অৰূপজ্যোতি নাথৰ কিশোৰ-কিশোৰী উপযোগী জীৱনী গ্ৰন্থ 'বুদ্ধ' ।
পাঞ্চজন্য বুকচে প্ৰকাশ কৰা তৰুণ প্ৰজন্মৰ শক্তিশালী কবি বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ' কাব্য সংকলনটি উন্মোচন কৰে নীলিম কুমাৰ আৰু ইছমাইল হোছেইনে ।