গুৱাহাটী, 13 জন: উৎকট গৰমে দহিছে ৰাজ্যবাসীক । গুৱাহাটীত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই । বৃহস্পতিবাৰৰ দিনটোত তাপমাত্ৰাই চুলেগৈ ৩৯ ডিগ্ৰী ছেলছিয়াছ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰী ছেলছিয়াছ । অৱশ্যে গৰমৰ পৰা শীঘ্ৰে পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে ৷ কিয়নো আগন্তুক ১৪ তাৰিখৰ পৰা ১৮ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত আহিব বৰষুণ ।
ৰেকৰ্ড ভংগ কৰি গুৱাহাটীত পাৰাস্তম্ভই স্পৰ্শ কৰিলে 39 ডিগ্ৰী - পাৰাস্তম্ভ
গুৱাহাটীৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে তাপমাত্ৰাই । বৃহস্পতিবাৰৰ দিনটোত তাপমাত্ৰাই চুলেগৈ ৩৯ ডিগ্ৰি ছেলছিয়াছ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰি ছেলছিয়াছ ।
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পাৰাস্তম্ভয়ে স্পৰ্শ কৰিলে ৩৯ ডিগ্ৰি ছেলছিয়াছ
লগতে পঢ়ক: জন্মভূমিত শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰ দেহ
আনহাতে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । এই তথ্য সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
Last Updated : Jun 18, 2019, 10:57 AM IST