অসম

assam

ETV Bharat / state

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ

গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 7 আগষ্টত গুৱাহাটীৰ তাপমাত্ৰাই 39.2 ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰাৰ বিপৰীতে সোমবাৰৰ দিনটোতো গুৱাহাটীৰ তাপমাত্ৰা অব্যাহত থাকিল 39.1 ডিগ্ৰী ছেলছিয়াছলৈ

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ

By

Published : Aug 12, 2019, 7:59 PM IST

গুৱাহাটী, 12 আগষ্টঃ উৎকট গৰমে দহিছে ৰাজ্য তথা মহানগৰবাসীক ৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আগষ্ট মাহৰ প্ৰথম সপ্তাহতে গুৱাহাটী মহানগৰীয়ে স্পৰ্শ কৰিছে সৰ্বোচ্চ তাপমাত্ৰা ৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 7 আগষ্টত গুৱাহাটীৰ তাপমাত্ৰাই 39.2 ডিগ্ৰী ছেলচিয়াছ স্পৰ্শ কৰাৰ বিপৰীতে সোমবাৰৰ দিনটোতো গুৱাহাটীৰ তাপমাত্ৰা অব্যাহত থাকিল 39.1 ডিগ্ৰী ছেলছিয়াছলৈ ৷ উল্লেখযোগ্য যে, বংগোপসাগৰৰ ওপৰৰে দক্ষিণ দিশৰ পৰা অহা বায়ুৰ চাপ হ্ৰাস হোৱা বাবে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে ৷ অৱশ্যে আগন্তুক চাৰি দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ আৰু বিজুলি ঢেৰেকণিৰ সম্ভাৱনা আছে যাৰ ফলত গৰমৰ মাত্ৰাও হ্ৰাস পাব পাৰে ৷

গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ

গুৰুত্বপূৰ্ণ যে,বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সম্ভাৱনাক সত্য প্ৰমাণিত কৰি সোমবাৰে বিয়লি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাতৰ লগতে ধুমুহা বতাহ অহা দেখা গ'ল ৷ লগে লগে ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু সকাহ পাব বুলি আশা কৰিছে ৷

ABOUT THE AUTHOR

...view details