গুৱাহাটী, 18 ডিচেম্বৰ : বিগত দুদিনৰ পৰা গুৱাহাটী মহানগৰীত হঠাতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । গুৱাহাটীত এইকেইদিনত তাপমাত্ৰা সৰ্বনিম্ন 10 ডিগ্ৰী চেলচিয়াছলৈ নামিছে ৷ ফলত পুৱাৰ ভাগত বহু অঞ্চলত যাতায়াতৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰা আটাইকেইটা পাৰঘাটত ফেৰী সেৱাত ব্যাঘাত জন্মিছে ৷
ঠেটুৱে ধৰা জাৰত কঁপিছে মহানগৰবাসী - গুৱাহাটী
পুৱাৰ ভাগত বহু অঞ্চলত যাতায়াতৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰা আটাইকেইটা পাৰঘাটতেই ফেৰী সেৱাত ব্যাঘাত জন্মিছে ৷
মহানগৰীত নিশাৰ লগতে পুৱা বহু সময়লৈকে ঘন কুঁৱলীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ব্যাঘাত হোৱাত গুৱাহাটীৰ সমীপৱৰ্তী ঠাইৰ পৰা পুৱা কার্যালয়, ব্যৱসায়, শিক্ষানুষ্ঠানলৈ অহা শিক্ষার্থী, কর্মচাৰী আদি লোকসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ইফালে নিশাৰ ভাগত প্ৰচণ্ড শীতৰ বাবে সন্ধিয়াৰ পাছতে ৰাজহুৱা স্থানত ৰাইজৰ উপস্থিতি সেৰেঙা হৈ পৰিছে ৷ শীত নিবাৰণৰ বাবে একাংশ লোকে পথৰ কাষত, ঘৰত জুই জ্বলাই তাপ লোৱা দেখা গৈছে ৷ আনহাতে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে এইকেইদিন মহানগৰত তাপমাত্ৰা নিম্নগামী হোৱাৰ লগতে সামান্য পৰিমাণে বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।
লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলা