গুৱাহাটী, ৯ মাৰ্চ: মাওবাদী দুধৰ্ষ কেদাৰ কাঞ্চন দাক তেলেংগনা আৰু চণ্ডিচগড় আৰক্ষীৰ মাৰাথন জেৰা । বুধবাৰে অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত তেলেংগনা আৰু চণ্ডিচগড় আৰক্ষীয়ে জেৰা কৰে কাঞ্চন দাক (Interrogation of arrested maoist leader by Assam police)।
আনহাতে পশ্চিম বংগ আৰক্ষীয়েও জেৰা কৰিব মাওবাদী কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা (Maoist Kanchan Da) ওৰফে জ্যোতিষ ওৰফে কনক আৰু ৰাজ্যিক কমিটিৰ সদস্য আকাশ ওৰাং ওৰফে ৰাহুল ওৰফে কাজল (Maoist leader nabbed in Assam)ক ৷ আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০১৯ চনতে পশ্চিম বংগৰ পৰা মাওবাদী শীৰ্ষ কেদাৰ কাঞ্চন দায়ে বৰাকভেলীত প্ৰৱেশ কৰি আত্মগোপন কৰিছিল ।
অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাওবাদক শক্তিশালী কৰাৰ বাবে নীৰৱে কাম কৰি আছিল তেওঁ । ২০১৯ চনৰ পৰা তেওঁক সহযোগ কৰিছিল আকাশ ওৰাং ওৰফে ৰাহুল ওৰফে কাজলে । দেশত জৰুৰী অৱস্থা চলি থকা সময়ত ১৯৭৫ চনত চণ্ডিচগড়ত এবাৰ গ্ৰেপ্তাৰ হৈছিল কাঞ্চন দা । অসমত ২০০৯-১০ চনৰ পৰাই অসমত লাহে লাহে মাওবাদ আৰম্ভ হৈছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ।
উল্লেখ্য যে, কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিছাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাওবাদী শীৰ্ষ কেদাৰ কাঞ্চন দা আৰু আকাশ ওৰাঙক । দুয়োজন মাওবাদী কেদাৰকে ক্ৰাইম ব্ৰাঞ্চে ৯ দিনৰ জিম্মাত লৈছিল । ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হ'লেই বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে জিম্মাত ল’ব এই দুই মাওবাদীক ৷
লগতে পঢ়ক:ভয়ৰ সৃষ্টি কৰি সম্পত্তি দখলৰ চেষ্টা চলাই বিপদত পৰিছে ইৰান