অসম

assam

ETV Bharat / state

তেজস্বিতাৰ মৃত্যুত কবিতাৰে চৰকাৰক সমালোচনা ভূপেন বৰাৰ - Majuli Garmur District Civil Hospital

তেজস্বিতা প্ৰসংগৰ আঁতধৰি চৰকাৰক সমালোচনা কৰি লিখা ভূপেন বৰাৰ কবিতাৰ শিৰোনাম হৈছে 'দৰ্পচূৰ্ণ' । সাংবাদিকৰ সন্মুখত পাঠ কৰিও শুনায় ভূপেন বৰাই লিখা তেজস্বিতা প্ৰসংগৰ কবিতা (APCC president Bhupen Bora wrote poem) ।

Bhupen Bora
Bhupen Bora

By

Published : Oct 7, 2022, 2:29 PM IST

Updated : Oct 7, 2022, 4:42 PM IST

গুৱাহাটী, ৭ অক্টোবৰ : বিগত তিনিদিনধৰি ৰাজ্যত চৰ্চাত আছে মাজুলীৰ তেজস্বিতা প্ৰসংগ (Tejaswita death controvery) । বিভিন্ন মহলে তেজস্বিতা প্ৰসংগত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । সামাজিক স্তৰৰ পৰা গৈ তেজস্বিতা প্ৰসংগই বৰ্তমান লাভ কৰিছে ৰাজনীতিৰ মজিয়া । তেজস্বিতাৰ অকাল মৃত্যুৰ প্ৰসংগ দাঙি ধৰি উত্থাপন কৰিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থাৰ কথা । তাৰ মাজতে এইবাৰ পুনৰ কবিতা লিখিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Bora wrote poem) । তেজস্বিতা প্ৰসংগৰ আঁতধৰি চৰকাৰক সমালোচনা কৰি লিখা ভূপেন বৰাৰ কবিতাৰ শিৰোনাম হৈছে 'দৰ্পচূৰ্ণ' । সাংবাদিকৰ সন্মুখত পাঠ কৰিও শুনায় ভূপেন বৰাই লিখা তেজস্বিতা প্ৰসংগৰ কবিতা (Bhupen Bora poem over Tejaswita issue) ।

তেজস্বিতাৰ মৃত্যুত কবিতাৰে চৰকাৰক সমালোচনা ভূপেন বৰাৰ

দৰ্পচূৰ্ণত তেওঁ লিখিছে-

জাতি মাটি ভেটি ৰক্ষাৰ প্ৰচণ্ড শব্দ,

বৰগীত খোল তালে হেৰুৱাইছে ছন্দ।।

উন্নয়নৰ গংগাৰ ঢলে আনিছে তাণ্ডৱ,

নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ,

মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ।

অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়,

মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ।

বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰতো কোটি কোটি,

পদুম আজি বশিষ্ঠত হৈছে গগনচুম্বী,

অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে থৰকাছুটি ।

আউসীৰ আন্ধাৰে আৱৰি আনিছে,

তেজস্বিতাৰ সুৰৰ বিননি ভাহি আহিছে,

কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন,

জাতি ভেটি ৰক্ষাৰ দৰ্পচূৰ্ণ ।।

উল্লেখ্য, মাজুলীত সংঘটিত এক হৃদয় বিদাৰক ঘটনাত অকাল মৃত্যুক সাৱটিবলগা হয় তেজস্বিতা বৰুৱাই । এগৰাকী প্ৰতিভাৱান শিল্পীৰ বিয়োগত ম্ৰিয়মাণ মাজুলীবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসী । মাজুলী দৰিয়া গাঁৱৰ প্ৰতিভাৱান কিশোৰী কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ (১৪) অকাল বিয়োগৰ (Tejaswita Boruah death) পিছত এতিয়া উত্থাপন হৈছে বিভিন্ন প্ৰসংগও ।

নিজ গাঁৱতে শংকৰদেৱৰ জন্মোৎসৱৰ কাৰ্যসূচীত বৰগীত পৰিবোশনৰ বাবে সাজু হোৱাৰ সময়তে হঠাৎ গা বেয়ালগা বুলি কৈ ঘৰলৈ ঘূৰি গৈছিল তেজস্বিতা । পৰিয়ালৰ লোকে লৰালৰিকৈ গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ (Majuli Garmur District Civil Hospital) লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ ।

শিল্পী তেজস্বিতাই কম বয়সতে সংগীতৰ জগতখনত শক্তিশালী খোজ দিবলৈ সক্ষম হৈছিল (Viral singer Tejaswita Boruah) । তেজস্বিতাৰ কণ্ঠৰ যাদুত মুগ্ধ হৈছিল সংগীতপ্ৰেমী । অতি কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল তেজস্বিতা বৰুৱাৰ কণ্ঠ ৷ কম বয়সীয়া শিল্পীগৰাকীৰ মৃত্যুত মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :মাজুলীৰ ৰাৱণাপাৰত তেজস্বিতাক শেষ শ্ৰদ্ধা জ্ঞাপন

Last Updated : Oct 7, 2022, 4:42 PM IST

ABOUT THE AUTHOR

...view details