গুৱাহাটী,11 আগষ্টঃ মৰণোত্তৰভাৱে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক প্ৰদান কৰা হ'ল ভাৰত ৰত্ন বঁটা। পুত্ৰ তেজ হাজৰিকাই এই বঁটা গ্ৰহণ কৰাৰ পিছত সপৰিয়ালে আহি উপস্থিত হৈছে গুৱাহাটী মহানগৰীত। মহানগৰীৰ এখন হোটেলত সংবাদ মাধ্যমৰ সৈতে আলোচনাত মিলিত হয় তেজ হাজৰিকা ।
পিতৃৰ হৈ বঁটা গ্ৰহণ কৰি অত্যন্ত সুখী তেজ হাজৰিকা - ডঃ ভূপেন হাজৰিকা
ডঃ ভূপেন হাজৰিকাৰ হৈ পুত্ৰ তেজ হাজৰিকাই পিতৃৰ হৈ গ্ৰহণ কৰে এই বঁটা ৷
![পিতৃৰ হৈ বঁটা গ্ৰহণ কৰি অত্যন্ত সুখী তেজ হাজৰিকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4105426-thumbnail-3x2-h.jpg)
ডঃ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা
ডঃ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা
তেজ হাজৰিকাই জানিবলৈ দিয়ে যে এই বঁটা গ্ৰহণ কৰি তেখেত স্বাভাৱিকতে সুখী। অসমৰ ৰাইজক ধন্যবাদ দি কয় যে অসমৰ ৰাইজৰ বাবেই এই বঁটা পাবলৈ সক্ষম হৈছে ডঃ ভূপেন হাজৰিকাই। লগতে তেওঁ জানিবলৈ দিয়ে যে ভাৰত ৰত্ন এই সন্মানীয় বঁটা তেওঁ বিদেশলৈ লৈ যাব নে ডঃ ভূপেন হাজৰিকা স্মাৰক ন্যাসৰ হাতত গতাই দিব সেয়া ন্যাসৰ লগত আলোচনা মৰ্মে অনাগত দিনত জানিবলৈ দিব অসমৰ ৰাইজক ।