গুৱাহাটী,11 জুন :ক’ভিড(covid)ৰ ত্ৰাসৰ মাজতে শুকুৰবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা ৷ গুৱাহাটী ক্লাৱৰ ৰে’লৱে আৱাসৰ পিছফালে চীপ লৈ থকা অৱস্থাত প্ৰায় 12 বছৰীয়া এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ কিশোৰজনে গুৱাহাটী ক্লাৱৰ সমীপৰ এটা ডেম্পত কাম কৰিছিল বুলি জানিব পৰা গৈছে ৷
গুৱাহাটী ক্লাৱত চীপ লোৱা অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ - গুৱাহাটী ক্লাৱত চীপ লোৱা অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ
শুকুৰবাৰে গুৱাহাটী ক্লাৱৰ ৰে’লৱে আৱাসৰ পিছফালে ৰহস্যজনকভাৱে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন কিশোৰৰ মৃতদেহ ৷ এটা ডেম্পত কৰ্মৰত আছিল কিশোৰজন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ ৷

গুৱাহাটী ক্লাৱত চীপ লোৱা অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ
চীপ লোৱা অৱস্থাত উদ্ধাৰ এজন কিশোৰৰ মৃতদেহ
মৃত কিশোৰজনৰ নাম ফুছকী ৷ ঘটনাস্থলীত উপস্থিত হৈ লতাশিল আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰিছে ৷ লগতে কিশোৰজনৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে হত্যাকাণ্ড ৷
লগতে পঢ়ক :ক'ভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা