গুৱাহাটী,22মে':অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) ৰ এক বিশেষ পদক্ষেপ ৷ গঠন হ'ল টীম "প্ৰতিৰোধী বন্ধু" ৷ৰাইজৰ সহায়ৰ অৰ্থে গঠন হোৱা "প্ৰতিৰোধী বন্ধু"ক এতিয়া যিকোনো সমস্যাত সহজেই ৰাইজে নিজৰ কাষত পাব ৷ কৰ'ণা মহামাৰীৰ এই জটিল সময়ত অসমৰ গাঁও অঞ্চলৰ লোক সকলৰ সহায়ৰ অৰ্থে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ১৪ হাজাৰ স্বেচ্ছাসেৱীৰে গঠন কৰিছে এই টীম"প্ৰতিৰোধী বন্ধু" ৷ইতিমধ্যে চাৰিটা গোটত বিভক্ত কৰি 'প্ৰতিৰোধী বন্ধু' ৰ স্বেচ্ছাসেৱীসকলক অনলাইন যোগে কৰ'ণা মহামাৰী আৰু বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিছে ইউনিচেফে(UNICEF) ৷ৰাজ্যৰ 33 খনকৈ জিলাৰ স্ব-ইচ্ছাই মানৱ সেৱা কৰিবলৈ আগবাঢ়ি অহা ১৪ হাজাৰ স্বেচ্ছাসেৱী সকলে এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ন্যুনতম ১০ দিনৰ পৰা সৰ্বোচ্চ ৬০ দিনলৈ সেৱা আগবঢ়াব পাৰিব। আনহাতে "প্ৰতিৰোধী বন্ধু" হিচাপে স্বেচ্ছাসেৱীসকলে বয়োজ্যেষ্ঠ, মহিলা, শিশু আৰু দিব্যাংগজনক আগবঢ়াব লাগিব মানসিক স্বাস্থ্য সম্পৰ্কীয় সমিধান,গাঁও আৰু ৱাৰ্ড অঞ্চলত টেলিফোনযোগে কৰিব লাগিব সমস্যাৰ সমাধান, প্ৰতিৰোধী বন্ধুৰ দাঁতিকাষৰীয়া ৰাজহুৱা স্থানত (যেনে- দোকান,বজাৰ আদিত) সামাজিক ব্যৱধান সম্পৰ্কীয় সজাগতা,জিলা প্ৰশাসনক চিকিৎসাজনিত ক্ষেত্ৰৰ বাহিৰে অন্যান্য ক্ষেত্ৰত সহযোগিতা,সাম্ভাৱ্য বানৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ক্ষেত্ৰত তথা বানপানীৰে মোকাবিলা কৰাত প্ৰশাসনক সহযোগিতা, ASDMA আৰু CSC কেন্দ্ৰসমূহৰ যৌথ উদ্যোগত চিকিৎসকৰ দলে অনলাইনৰ জৰিয়তে আগবঢ়োৱা বিনামূলীয়া সেৱাসমূহ প্ৰতিৰোধী বন্ধুসকলে যোগাযোগৰ মাধ্যমেৰে স্থানীয় লোকৰ মাজলৈ লৈ যোৱা আদি বিভিন্ন ধৰণ কামসমূহ পালন কৰিব লাগিব বুলি ই টিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) ৰ প্ৰকল্প অধিকাৰী ড0 কৃপাল জ্যোতি মজুমদাৰে৷
কৰ'ণা মহামাৰী আৰু বানপানীৰ সৈতে যুঁজিবলৈ সাজু টীম "প্ৰতিৰোধী বন্ধু" - অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ
গঠন হ'ল টীম "প্ৰতিৰোধী বন্ধু" ৷ৰাজ্যৰ 33 খনকৈ জিলাৰ স্ব-ইচ্ছাই মানৱ সেৱা কৰিবলৈ আগবাঢ়ি অহা ১৪ হাজাৰ স্বেচ্ছাসেৱী সকলে এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ন্যুনতম ১০ দিনৰ পৰা সৰ্বোচ্চ ৬০ দিনলৈ সেৱা আগবঢ়াব পাৰিব।

কৰ'ণা মহামাৰী আৰু বানপানীৰ সৈতে যুঁজিবলৈ সাজু টীম "প্ৰতিৰোধী বন্ধু"
কৰ'ণা মহামাৰী আৰু বানপানীৰ সৈতে যুঁজিবলৈ সাজু টীম "প্ৰতিৰোধী বন্ধু"
আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) ৰ এই পদক্ষেপক সঁহাৰি জনাইছে এতিয়া ৰাজ্যবাসীয়ে ৷ সকলোৰে আশা টীম 'প্ৰতিৰোধী বন্ধু' হৈ পৰক আগন্তুক সময়ত আৰ্তজনৰ আশাৰ কিৰণ ৷
লগতে পঢ়কঃদিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য