অসম

assam

ETV Bharat / state

APCC Meets Governor : বিৰোধীৰ স্বাধীনতাত চৰকাৰৰ হস্তক্ষেপ, ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদেশ কংগ্ৰেছৰ - প্ৰদেশ কংগ্ৰেছ

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে ৷ দলটোৱে ৰাজ্য চৰকাৰে বিৰোধীৰ বাক স্বাধীনতা আৰু সামাজিক মাধ্যমত কৰা চৰকাৰৰ গঠনমূলক সমালোচনাৰ ক্ষেত্রত আৰোপ কৰা বিভিন্ন বাধা সন্দৰ্ভত ৰাজ্যপালৰে বিষদভাৱে আলোচনা কৰে ৷

Team of APCC Meets Governor and Submit Memorandum
ৰাজ্যপালক স্মাৰক পত্র প্ৰদান প্ৰদেশ কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:33 PM IST

ৰাজ্যপালক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলৰ

গুৱাহাটী, ১৮ অক্টোবৰ : চৰকাৰৰ কাম-কাজক সমালোচনা কৰাৰ বিৰোধীৰ গণতান্ত্রিক অধিকাৰত ৰাজ্য চৰকাৰে আৰোপ কৰা বাধা সন্দৰ্ভত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্য চৰকাৰে বিৰোধীৰ বাক স্বাধীনতা আৰু সামাজিক মাধ্যমত কৰা চৰকাৰৰ গঠনমূলক সমালোচনাৰ ক্ষেত্রত আৰোপ কৰা বিভিন্ন বাধা সন্দৰ্ভত ৰাজ্যপালৰে বিষদভাৱে আলোচনা কৰে ৷ লগতে এখন স্মাৰক পত্র প্ৰদান কৰে ৷

স্মাৰক পত্রত কোৱা হয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বিৰোধীৰ দ্বাৰা চৰকাৰৰ গঠনমূলক সমালোচনা কৰাটো গণতান্ত্ৰিক অধিকাৰ যদিও চৰকাৰখনে তেনে কৰিবলৈ যাওতে বিৰোধীৰ ওপৰত চৰকাৰী বিভিন্ন সংস্থাৰ প্ৰয়োগ কৰি হাৰাশাস্তি কৰি আহিছে ৷ কোনো ধৰণৰ সমালোচনা সহ্য কৰিব নোৱাৰে এইখন চৰকাৰে ৷ মাত মাতিলেই বিৰোধী নেতাসকলক লক্ষ্য কৰি লয় ৷

বৰ্তমান সময়ত চৰকাৰখনে বিৰোধী নেতাসকলকৰ লগতে তেওঁলোকৰ আত্মীয়ৰ ওপৰত আতিশয্য চলাইছে বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰে ৷ গণতন্ত্ৰৰ সফলতা বিৰোধী দলসমূহৰ গঠনমূলক ভূমিকাৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে ৷ বিৰোধী দলবোৰে চৰকাৰৰ নিয়ম আৰু নীতিবোৰ সমালোচনামূলকভাৱে পৰীক্ষা কৰে আৰু ভুল নীতিৰ ওপৰত মাত মাতে ৷ কিন্তু এইখন চৰকাৰে সেয়া সহ্য কৰিব নোৱাৰি বিভিন্ন অজুহাতত হাৰাশাস্তি কৰে ৷ স্মাৰক পত্র যোগে প্ৰদেশ কংগ্ৰেছে বিষয়টো ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰি এইক্ষেত্রত ৰাজ্যপালৰ হস্তক্ষেপ কামনা কৰে ৷

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে চৰকাৰৰ কাম-কাজক সমালোচনা কৰাটো বিৰোধীৰ গণতান্ত্রিক অধিকাৰ ৷ এই অধিকাৰত যাতে চৰকাৰখনে বাধা প্ৰদান নকৰে তাৰ বাবে এটা পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে ৰাজ্যপালৰ প্ৰতি দাবী জনোৱা হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোত বিধায়ক নন্দিতা দাস, ৱাজেদ আলী চৌধুৰী, নৰুল হুদাকে ধৰি কেইবাজনো বিধায়ক আছিল ৷

লগতে পঢ়ক :Dearness Allowance Hike : দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ

ABOUT THE AUTHOR

...view details