অসম

assam

ETV Bharat / state

টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ - চৰকাৰখনৰ কাম-কাজ সুচাৰুৰূপে চলাই যোৱাৰ বাবে আশীষ গ্ৰহণ কৰে

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তেৰজনীয়া কেবিনেটৰ ১১ গৰাকী মন্ত্ৰীয়ে বুধবাৰে সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । সোণোৱালৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আগন্তুক দিনত চৰকাৰখনৰ কাম-কাজ সূচাৰুৰূপে চলাই নিয়াৰ বাবে আশীষ গ্ৰহণ কৰে ।

team himanta meet sonowal
'টীম হিমন্ত'ই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

By

Published : May 12, 2021, 3:06 PM IST

গুৱাহাটী,১২ মে': মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নৱগঠিত কেবিনেট মন্ত্ৰীসভাখনে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আগন্তুক দিনত চৰকাৰখনৰ কাম-কাজ সূচাৰুৰূপে চলাই নিয়াৰ বাবে আশীষ গ্ৰহণ কৰে ।

আশীষ গ্ৰহণ

প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰী সমন্বিতে প্ৰতিগৰাকী মন্ত্ৰীকে নিজৰ বিভাগৰ কাম-কাজসমূহ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । অৱশ্যে ডঃ শৰ্মাৰ তেৰজনীয়া কেবিনেটৰ ১১ গৰাকী মন্ত্ৰীয়েহে বুধবাৰে সাক্ষাৎ কৰে সোণোৱালক ।

'টীম হিমন্ত'ই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

উল্লেখ্য যে, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চৰকাৰী কাৰ্যসূচীত ব্যস্ত থকাৰ বাবে সোণোৱালক সাক্ষাৎ কৰিব নোৱাৰিলে ।

আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

লগতে পঢ়ক: হোমেন বৰগোহাঞি জাতীয় জীৱনৰ পিতৃস্বৰূপ আছিল : ড৹ অনিল শইকীয়া

ABOUT THE AUTHOR

...view details