গুৱাহাটী, ৩০ ডিচেম্বৰ: চাকৰি বঞ্চিত শিক্ষকৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । বিশেষ টেট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থা, ই ভি সন্থা(অসম), শিক্ষাসাৰথি, শিক্ষাকৰ্মী আৰু কমিউনিটি ভলেন্টিয়াৰ সন্থা অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলে(Teachers stages protest in Chachal) । চলিত বৰ্ষৰ অক্টোবৰ মাহৰ আৰম্ভণিতে অনুষ্ঠিত বিশেষ টেট পৰীক্ষাক বিসংগতিপূৰ্ণ আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে । তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে ২০২২ চনৰ ২০ জানুৱাৰীত প্ৰায় ১৪ হাজাৰ শিক্ষকে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদী শিক্ষকসকলে(Teachers demands to re conduct special TET) ।
মন কৰিবলগীয়া যে, অসম সৰ্বশিক্ষাৰ অধীনত সংযোগী শিক্ষাকৰ্মী, ই ভি, শিক্ষাসাৰথি, শিক্ষাকৰ্মী আৰু কমিউনিটি ভলেন্টিয়াৰসকলে অতি কম দৰমহাৰ বাবদ ২-৬ বছৰ ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষকতা কৰি আছিল । কিন্তু, টেট উৰ্ত্তীৰ্ণ নোহোৱাৰ অজুহাতত শিক্ষা বিভাগে হঠাৎ তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়াত শিক্ষকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহে । ২০০৯ বর্ষৰ পৰা এই শিক্ষকসকলে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে যদিও চৰকাৰৰ পৰা আজিলৈ কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
ইফালে, চলিত বৰ্ষৰ অক্টোবৰ মাহৰ আৰম্ভণিতে অনুষ্ঠিত কৰা হৈছিল বিশেষ টেট পৰীক্ষা । কিন্তু উক্ত পৰীক্ষাৰ প্ৰশ্ন কাকত জটিল, বিসংগতিপূৰ্ণ হোৱাৰ অভিযোগ তুলিছে শিক্ষকসকলে । সৰ্বশিক্ষাৰ অধীনৰ এই শিক্ষকসকলৰ অভিযোগ মতে, পৰীক্ষাত পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন সোধা হৈছিল ।