অসম

assam

By

Published : Oct 26, 2021, 10:22 PM IST

ETV Bharat / state

হয় চাকৰি দিয়ক নহয় গুলীয়াই মাৰক: বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

পদ প্ৰাদেশীকৰন আইন ২০১৭ আৰু সংশোধনী আইন ২০১৮ ৰ কিছু দফা পুনৰ সংশোধনী কৰি ২০০৬ চনৰ ভিতৰত প্ৰতিষ্ঠিত শিক্ষক কৰ্মচাৰী সকলৰ পদ প্ৰদেশীকৰণ কৰাৰ দাবীত মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত সদৌ অসম অ-প্ৰদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত ৰূপায়ন কৰা হ’ল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷

teachers-protest-in-guwahati
হয় চাকৰি দিয়ক নহয় গুলীয়াই মাৰক : বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

গুৱাহাটী, ২৬অক্টোবৰ :পদ প্ৰাদেশিকীকৰণ তথা ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি মঙলবাৰে মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত সদৌ অসম অ-প্ৰদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ বিদ্যালয় প্ৰাদেশিকীকৰণ আইন ২০১৭-২০১৮ ( সংশোধনী) ৰ পূর্ণ সংশোধনীৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰায় শতাধিক প্ৰতিবাদী শিক্ষকে হাতে-হাতে নিজ দাবী সম্বলিত প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ 2017 আৰু 2018 অসম শিক্ষা আইন পুনৰ সংশোধন কৰক অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব, আবাজ দো এক হো, আমাক ন্যায় লাগে আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলে, বঞ্চিত শিক্ষানুষ্ঠান সমূহক আগন্তুক ৰাষ্ট্রীয় শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰি শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

হয় চাকৰি দিয়ক নহয় গুলীয়াই মাৰক : বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

উল্লেখ যোগ্য যে, পদ প্ৰাদেশীকৰন আইন ২০১৭ আৰু সংশোধনী আইন ২০১৮ ৰ কিছু দফা পুনৰ সংশোধনী কৰি ২০০৬ চনৰ ভিতৰত প্ৰতিষ্ঠিত শিক্ষক কৰ্মচাৰী সকলৰ পদ প্ৰদেশীকৰন কৰাৰ দাবী উত্থাপিত হৈছে এই প্ৰতিবাদত । চৰকাৰে তেওঁলোকৰ এই দাবী সমূহ মানি নললে পুনৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ABOUT THE AUTHOR

...view details