নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ :আজি সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । মহান মনীষী, শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিবিদৰ জন্মদিন ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশে দেশ তথা সমাজৰ খনিকৰ শিক্ষকসকলক সন্মান তথা কৃতজ্ঞতা জনাই এই শিক্ষক দিৱস পালন কৰা হয় । দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাবে কাৰ্যভাৰ গ্ৰহণৰ পিছত ১৯৬২ চনৰ পৰা সমগ্ৰ দেশে মহান মনীষী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰি আহিছে ।
ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছু শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক 5 ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল (Birth anniversary of Radhakrishnan) । তেতিয়া তেওঁ কৈছিল, 'মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে গৌৰৱান্বিত সৌভাগ্য হ'ব ।' এই কথাই এইটো প্ৰতীয়মান কৰে যে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ শিক্ষক সমাজৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি । ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে 'শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে' (Great philosopher Radhakrishnan) ।
হয়, আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত আমি সকলোৱে উপলব্ধি কৰোঁ যে শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন । যদি সেইটো নহয়, তেনেহ'লে শিক্ষকৰ কমাৰশালত গঢ়া শিক্ষাৰ্থীসকল কেতিয়াও দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব নোৱাৰে । কিয়নো আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক । আৰু এইসকল ছাত্ৰ-ছাত্ৰীক উপযুক্ত কৰি গঢ়ি তোলাৰ গুৰু দায়িত্বও শিক্ষকসকলৰ কান্ধতে । শিক্ষকসকল হৈছে সমাজ তথা দেশৰ খনিকৰ (Teachers day celebrated in Assam) । কিয়নো তেওঁলোকৰ আদৰ্শ আৰু জ্ঞানেৰে প্ৰলুব্ধ ছাত্ৰ সমাজেই ভৱিষ্যতে দেশক বিভিন্ন দিশত নেতৃত্ব দিয়ে ।
সেইফালৰ পৰা চাবলৈ গ'লে ছাত্ৰ সমাজক উচিত আদৰ্শৰে গঢ়ি তোলাটো শিক্ষক সমাজৰ অন্যতম প্ৰধান চৰ্ত । কিন্তু সিমানখিনি ত্যাগৰ বিনিময়ত জানো আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্যখিনি সঁচা অৰ্থত প্ৰদান কৰোঁ ? নিশ্চিতভাৱে আজিৰ দিনটোত এইটো এক চিন্তা কৰিবলগীয়া বিষয় । কিয়নো আজিৰ শিক্ষক দিৱসৰ দিনটোত শিক্ষকসকলক লৈ আমি বিভিন্ন কাৰ্যসূচী পালন কৰি থকাৰ মাজতে এচাম শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজিবলগা হৈছে । ৰাজপথত নামিবলগা হৈছে, আনকি শিক্ষক দিৱসত শিক্ষকৰ আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে ।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আঁতৰাই থৈ আমি যদি আমাৰ ৰাজ্যখনৰ শিক্ষক সমাজৰ প্ৰতি দৃষ্টি দিওঁ তেনেহ'লে কিন্তু আজিৰ দিনটোত এক বিপৰীত ছবিহে ফুটি উঠে (Education system of Assam) । শিক্ষাবিদ তথা মহান মনীষী সৰ্বপল্লী ৰাধাকৃষ্ণনে যি উদ্দেশ্যৰে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে উদযাপনৰ কথা কৈছিল, প্ৰকৃতাৰ্থত সেই উদ্দেশ্য কিমান সফল হৈছে ? আজি অসমত শিক্ষক সমাজ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । তেনেক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত ঢাক-ঢোল বজাই শিক্ষক দিৱস পালনৰ কিবা গুৰুত্ব আছেনে ? নিশ্চিতভাৱে এই বিষয়টোতো আলোকপাত কৰাৰ প্ৰয়োজন (teachers day and Assam teachers society) ।
অসমৰ শিক্ষা ব্যৱস্থা বৰ্তমান একপ্ৰকাৰ অৱক্ষয়ৰ গৰাহত (Assam education system deteriorated) । চৰকাৰী পৃষ্ঠপোষকতাতেই শিক্ষা খণ্ডৰ এই অৱক্ষয় বুলিব পাৰি । এফালে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অভাৱ, আনফালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত এক অনিশ্চিত ভৱিষ্যতক লৈ শংকিত এচাম শিক্ষক (Assam Govt schools problems) । পদ প্ৰাদেশিকীকৰণ, নিয়মিত দৰমহা, চাকৰিৰ অনিশ্চয়তা, বিদ্যালয় প্ৰাদেশিকীকৰণ আদি এশ এবুৰি চিন্তাৰ মাজত ককবকাই থকা শিক্ষক সমাজে কোনোবাখিনিত নিজৰ কৰ্তব্য পালনত উজুটি খাবলগাও হৈছে । কিন্তু তাৰ মাজতে চৰকাৰে এইসকল শিক্ষকে নিজৰ ন্যায্য় প্ৰাপ্তিৰ বাবে কৰা আন্দোলনক লৈ তুচ্ছ-তাচ্ছিল্য কৰাটোও শিক্ষক সমাজৰ বাবে আন এক পৰিহাস । শেহতীয়াভাৱে এই পৰম্পৰা অধিক বৃদ্ধি পাইছে ।
কংগ্ৰেছ চৰকাৰৰ তদানীন্তন শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই (former education minister Himanta Biswa) ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমুল পৰিৱৰ্তনৰ অংগীকাৰ ঘোষণা কৰিছিল । তাৰ পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনটো এই সন্দৰ্ভত আগভাগ লৈছিল । নিশ্চিতভাৱে তাত ৰাজ্যৰ বৌদ্ধিক তথা শৈক্ষিক মহলে সমৰ্থন জনাই উক্ত প্ৰচেষ্টাক সাধুবাদ দিছিল । তেওঁৰ শিক্ষা ব্যৱস্থা সংস্কাৰৰ এক অন্যতম পদক্ষেপ আছিল ৰাজ্যত গুণগত আৰু যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তিৰ বাবে শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰাটো (development of education system in Assam) ।