অসম

assam

ETV Bharat / state

শিক্ষক দিৱসৰ দিনাই চচলৰ প্ৰতিবাদস্থলীত শিক্ষকৰ কান্দোনৰ ৰোল

শিক্ষক দিৱসৰ দিনা চচলত একাংশ শিক্ষকৰ কান্দোনৰ ৰোল উঠিল । আইন সংশোধনৰ জৰিয়তে সহকাৰী শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত চচলৰ ধৰ্ণাস্থলীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে এই সকল শিক্ষকে ৷

teachers-are-crying-for-justice-on-teachers-day-itself
শিক্ষক দিৱসৰ দিনাই চচলৰ প্ৰতিবাদস্থলীত শিক্ষকৰ কান্দোনৰ ৰোল

By

Published : Sep 5, 2021, 10:11 PM IST

গুৱাহাটী, ৫ ছেপ্টেম্বৰ : পবিত্ৰ শিক্ষক দিৱসৰ দিনা বঞ্চিত শিক্ষকৰ প্ৰতিবাদৰে উত্তাল হ’ল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি চচলত দেওবাৰে সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বঞ্চিত সহকাৰী শিক্ষক সন্মিলনীয়ে চৰকাৰৰ বিৰুদ্ধে কান্দি কান্দি সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ । প্ৰসৰ ৰ’দকো নেওচি দিনৰ এঘাৰ বজাৰ পৰা দুই বজালৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদী শিক্ষক সকলে যোৱা ২০-২৫ বছৰ ধৰি বিনা বেতনেৰে শিক্ষা দান কৰি অহাৰ পিছতো শিক্ষক সকলৰ মৰ্মবেদনা উপলব্ধি নকৰাত চাৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।

শিক্ষক দিৱসৰ দিনাই চচলৰ প্ৰতিবাদস্থলীত শিক্ষকৰ কান্দোনৰ ৰোল

চৰকাৰৰ চৰম অমনোযোগিতাৰ বাবে আজিলৈকে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী একাংশ শিক্ষকে আজি পর্যন্ত চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত শিক্ষকসকলে প্ৰতিবাদ স্থলীতে উচুপি উঠে । ক্ষুদ্ধ প্ৰতিবাদী শিক্ষক সকলে চৰকাৰলৈ কাতৰ আহ্বান জনায় কয় যে, চৰকাৰে আমাক অতি সোনকালে চাকৰি নিয়মীয়া কৰণৰ ব্যৱস্থা কৰক, নহ’লে আমাক গুলিয়াই মাৰক ।

প্ৰতিবাদ স্থলীত অংশ গ্ৰহণ কৰি শিক্ষক সংগঠনটোৰ সভাপতি ঠগিৰাম নাথ আৰু যুটীয়া সম্পাদক ৰঞ্জিত বৰুৱা আৰু পূৰবী কলিতা শইকীয়াই কয় যে, অসম চৰকাৰৰ শিক্ষা বিভাগে অপ্ৰাদেশীকৃত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ একাংশ শিক্ষকৰ পদ সমূহ চলিত বৰ্ষৰ যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকীকৰণ কৰিছে যদিও ২০১৭ চনৰ শিক্ষা আইনমতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ (এম ই আৰু এম ই এম) শিক্ষক সকলক চূড়ান্তভাৱে বঞ্চিত কৰা হৈছে ।

সেই অনুসৰি, উচ্চ প্ৰাথমিক বিদ্যালয়ত পূৰ্বতে পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্ত তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত বঞ্চিত ৫-৬ শিক্ষকৰ পৰিবৰ্তে মাত্ৰ তিনিজন শিক্ষকহে প্ৰাদেশিকীকৰণ কৰা হয় । যাৰ ফলত বঞ্চিত হ’ব লগা হয় একাংশ শিক্ষক । সেয়ে ২০০৫ চনৰ স্বীকৃতি প্ৰাপ্ত আৰু সদ্যপদ প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ (ME) আৰু (MEM) সহকাৰী শিক্ষক সকলক আইন সংশোধনৰ জৰিয়তে প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনায় ।

লগতে পঢ়ক :Karbi peace accord ৰ প্ৰতিলিপি কিয় দাহ কৰা হ’ল ডিফুত ?

ABOUT THE AUTHOR

...view details