গুৱাহাটী, ১৯ আগষ্ট :মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাক লৈ একাংশই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱাৰ মাজতে উচ্চ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানত শিক্ষকৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰি নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাতে উচ্চ শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰিলে চৰকাৰে । এক নিৰ্দেশনা যোগে চৰকাৰে নিৰ্ধাৰণ কৰিলে কলেজ-বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ড্ৰেছ কোড ৷ সকলো উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে শিক্ষকৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰি এই নিৰ্দেশনা দিছে চৰকাৰে ৷
উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষকৰ সাজ-পাৰক লৈ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি—
- পুৰুষ শিক্ষকসকলে কেৱল উপযুক্ত আনুষ্ঠানিক সাজ-পোছাক পিন্ধিহে নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব
- পুৰষ শিক্ষক সকলে ফৰ্মেল চাৰ্ট-পেণ্ট, ধূতি-পায়জামা আদি পিন্ধিব পাৰিব
- জিনছ, টি-চাৰ্ট আদি কেজুৱেল ড্ৰেছ আদি পিন্ধিব নোৱাৰিব পুৰুষ শিক্ষকসকলে
- মহিলা শিক্ষয়িত্ৰীসকলে মাৰ্জিত চেলোৱাৰ চুট/শাৰী/মেখেলা-চাদৰ পিন্ধি নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব
- অন্যান্য পৰম্পৰাগত সাজ-পোছাকো পিন্ধিব পাৰিব উচ্চ শিক্ষানুষ্ঠানৰ মহিলা শিক্ষয়িত্ৰীসকলে ৷
অসম উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই জাননীখনৰ নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে । ১/২৫০৩৮৬/২০২৩ নং নিৰ্দেশনা যোগে ধাৰ্য কৰা হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদিৰ এই শিক্ষকৰ ড্ৰেছ কোড ৷ জাননীখনত লগতে কোৱা হৈছে যে পুৰুষ আৰু মহিলা উভয়ে পৰিষ্কাৰ, বিনয়ী আৰু মান্য সাজ-পোছাক পৰিধান কৰিব লাগিব ৷ পাৰ্টী ৱেৰ আৰু কেজুৱেল ড্ৰেছ কঠোৰভাৱে পৰিহাৰৰ নিৰ্দেশ দিয়া হৈছে ৷