অসম

assam

By

Published : Mar 28, 2022, 5:32 PM IST

ETV Bharat / state

পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি আটক হ’ল শিক্ষক

পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ সময়তে হাতে-লোটে আটক এগৰাকী শিক্ষক (Teacher arrested for cheating at HSLC exam center) ৷ আটকাধীন শিক্ষকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নকল ৷ অভিযুক্ত শিক্ষকজনৰ লগতে আটক হৈছে আন দুজন ব্যক্তিও ৷

teacher-detain-in-hslc-examination-center-at-barpeta
বৰপেটাত মেট্ৰিক পৰীক্ষা কেন্দ্ৰত শিক্ষকক আটক

বৰপেটা, 28 মাৰ্চ :বৰপেটা জিলাৰ নগাঁওস্থিত শিক্ষামন্দিৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ছাত্ৰক নকল যোগান ধৰি থকাৰ অৱস্থাত আটক হ’ল এজন শিক্ষক (Teacher detain in HSLC Examination center at Barpeta) ৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ অভিযোগত আটক হোৱা শিক্ষকজনৰ নাম খবিৰ ভূঞা বুলি জানিব পৰা গৈছে ৷ খবিৰ ভূঞা হৈছে গৰেমাৰী মিলন হাইস্কুলৰ আৰবী বিষয়ৰ শিক্ষক ৷ ইতিমধ্যে শিক্ষকজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ নকল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

নকল যোগান ধৰা শিক্ষকজনক বিচাৰি আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰত অভিযান চলোৱাৰ সময়ত প্ৰস্ৰাৱগাৰৰ ভিতৰত আত্মগোপন কৰিছিল শিক্ষকগৰাকীয়ে ৷ অৱশেষত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে শিক্ষকজনক ৷

পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰি আটক হ’ল শিক্ষক

ইপিনে পৰীক্ষাৰ্থীক নকল যোগানৰ বাবে নকলৰ ফটোষ্টেট কৰি থকা অৱস্থাত জেৰক্স চেন্টাৰত আন দুজন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ পালহাজীৰ ছেমিম জেৰক্স চেন্টাৰত আৰক্ষীয়ে অভিযান চলাই নকলৰ ফটোষ্টেট কৰি থকা অৱস্থাত আটক হোৱা লোকদুজন হ’ল ক্ৰমে, পালহাজী গাঁৱৰ ইনামুল হ'ক আৰু দংৰা গাঁৱৰ ছহিদুল ইছলাম ৷

লগতে পঢ়ক :মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details